পৃষ্ঠা:বিহুগীত.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১৫ ◇


(৭)

আই মৰমীয়াল খোৱাই হাঁহকণী
 পানীতে উতলাই দিয়ে।
চেনাই মৰমীয়াল দিয়ে মুখত ভৰাই
 নোচোবাই গিলিম যেন লাগে॥

(৮)

আমে দুলুদুপু চামে দুলুদুপ
 দেহে দুলুদুপু কৰে।
যোৰীয়া যৌৱনে চেনাই দুলুদুপু
 বাটত ভেটি ভেটি ধৰে॥

(৯)

দেহিঐ ঘুনুচাৰ  ৰঙাকৈ গামোচা
 তুমি তামোল কাটি খোৱা।
লাহৰী হাতেৰে থুৰিয়াই থুৰিয়াই
 আমাকো এখনি দিয়া॥

(১০)

চিলঙৰ শুৱনী গছেকৈ গছনি
 ডিবৰু শুৱনী জীঞাঁ।
চিতিকি চিবনে চেনেহী মৰমে
 দুগালে দুচুমা দিয়া॥

(১১)

ইমান ধুনীয়াকৈ কোনে স্বৰজিলে
 কোনে নাম দিলে তৰা।
দাঁতৰ জিলিকনি মুখৰ মিচিকনি
 জিলিকে আঁতৰৰ পৰা॥

(১২)

দেহিঐ লাহৰী দেহিঐ চেনেহী
 কোনে চাই থাকিব তোক।
দোলা-দাপোণ যেন তোৰে বুকুখনি
 দেখিলে নেলাগে ভোক॥

(১৩)

কোনে দি যাব ৰাঁচ দোৰ পতি
 কোনে দিব সোণালী মাকো।