পৃষ্ঠা:বিহুগীত.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ◇


দেখিবলৈ লেতেৰা বিহুচেৰা তাঁত
শুনিবলৈ লেতেৰা থুপৰীৰ মাত।
বহিবলৈ লেতেৰা ঠেংখুৰা পীৰা
খাবলৈ লেতেৰা আধাখুন্দা চিৰা।
তয়ো বগা ময়ো বগা একে বিলৰ মাছ
পেঁপাটো বজাই দিও ঘুৰি ঘুৰি নাচ।

⸺ ০০⸺

পোহাৰী গীত

(8)

হেমালী ঐ চেৰেংদৈ চিয়া
হাতত চাপৰ মাৰি চেৰেংদৈ বিয়া।
হেমালী হেমালী বাটত পাই ধেমালি
ধেমালি বতৰে যায়ে না ৰৈ।
ৰঙাকৈ ৰচনা ঠৰঙা পচলা
পাহৰি নিদিলা লোণে না ৰৈ।
ফলীয়া তুহঁৰে জুই না ৰৈ
লগাই দিয়া গীতকে গাবকে নেজান
কতেনো আছিলি শুৱেনা ৰৈ।
খেৰ ঐ কাটিলো মুথুৰি বান্ধিলো
পথাৰত দি গলো ভেটা না ৰৈ।
লগাই দিয়া গীতকে গাব ঐ নেজান
কৰেণো ভেলেঙা ডেকা না ৰৈ।
হেমালী হেমালী কৰো ঐ ধেমালি
তুহঁকে গাল মাৰো সান্দহ গুৰি বুলি।
কাজীয়ে ধান বানে ধমৰ ধমৰ কৰি
লৰিলে কাণৰে কেৰু না ৰৈ।
চেনেহৰ লাখৌ মোৰ অতিকৈ থুপৰি
বেলি দূপৰলৈ শুৱে না ৰৈ।
লাখৌ মোৰ নেযাই ঐ কবাগৈ বুজাই ঐ
বাটতে টোপনি ধৰে না ৰৈ।