পৃষ্ঠা:বিহুগীত.pdf/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১২৩ ◇

সোমবাৰে উৰুকা মঙলবাৰে বিহু।
বাৰটা বাঁহৰে তেৰটা কামি
লৰা-বুঢ়া চাপি আহা বিহুকৰো আমি।
লো যেন দাঁত ঐ জবকা হেন হাত
সিয়েহে খাই ঐ চুকা ধপাত।
লাউত দিবা হেদালি জিকাত দিবা জেং
দিব থব পাওঁ বুলি মাত ঝেং ঝেং।
লাই কুচি কুচি ঐ জিকা কুচি কুচি
জালুক বুলি গালমাৰো ভীম কলৰ গুটি।
একো চৰাই নেকান্দিলে কান্দিলেক কুলি
ন বোৱাৰীৰ দেখোন দাঁত নাই সুলী।
আম জাম কেৰেলা থৈ আহো গৈ
যমৰজা কেনেকুৱা চাই আহো গৈ।
নুৰুই নেকাটি খাই ঐ আহু আৰু শালি।
নবই নেকাটি পিন্ধে ঐ হালি জালি
কাজীয়ে মেখেলা পিন্ধে খমখমাই যাই
অকাজীয়ে মেখেলা পিন্ধি আলিবাটলৈ চাই।

⸺০০⸺

পচলাৰ উক্তি

(২)

হাঁচতী ঐ হুঁচৰি বাই
বহনা ঐ নাচি নাচি যাই।
ইনালাহী বাই ঐ চেং চেং কৰে
ভিতৰতে কিনো কৰা তিনি ভনীয়েৰে।
সৰুবায়ে বুলিলে বৰজনী বাই
ভদঙীয়া আলহীয়ে কিহেৰেবা খাই।
এদিনীয়া আলহী এঙুৰ ভেঙুৰ
জাকৰুৱা আলহী হেৰাম নেগুৰ।
বৰ বায়ে বুলিলে ভাবি গুণি চাওঁ