পৃষ্ঠা:বিহুগীত.pdf/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোণোৱাল কছাৰী গীত

হাইদংও হুঁচৰি গীত

বাৰে মন্ত্ৰ

(১)

 শ্ৰীকৃষ্ণায়ে নমঃ অ গিৰিহঁত ভাল, ছালিপান কটা আগত ভৰাল পিছত গড়াল,উত্তৰে চৰু, দক্ষিণে গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ, নদন বদন হক, গৃহস্থ কুশল হক।

ইয়ৰি হুঁচৰি
হুঁচৰি চৈতা
পানী নাই নৈতা
যিবা আছে পকাণ্ডটি
সিওগল ঘুমটি।
ইবাৰীৰ বাঁহ ঐ সি বাৰীৰ বাঁহ
দুই বাঁহ লগ লাগি যাই চ’ত মাহ।
ইনালাহী বাই ঐ বীনালাহী বাই
চাউল চালিবলৈ চালনী নাই।
শাকত দিলে শুকটি মাহত দিলে গাজ
লৰা বুঢ়া বিহু কৰো নাই একো লাজ।
এলেঙ পেলেও ঐ এলেঙ পেলেঙ
তুমি বৈ দিয়া সৰু সূতা চেলেং।
লুইতৰ শিহু ঐ মাছধৰি খায়
দুমাহী বিহু ঐ আহে আৰু যাই।
তৰালী মৰালী ঘৰত আছাকোন
চ’ত মাহৰ বিহুতে ওলাই মাতাচোন।
এদোন ধানৰে দুইদোন তুঁহ
জাৰত কঁপি মৰিছ জুহালতে শুহ।
উমনি কুকুৰাই বাঁহ তলত চৰে
খোপাতে ধৰিলে কেং কেং কৰে।
চোতালৰ বগৰী পাত ঝেং ঝেং
ভাল বোলা বোৱাৰী দাঁত সেৰেঙ সেৰেঙ।
মাছ ধৰি খাই ঐ লুইতৰ শিহু