পৃষ্ঠা:বিহুগীত.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১৩ ◇


(৩৬)

জপাৰে ধুনীয়া শুৱনী খনীয়া
 ওৰণি দীঘলাই যাই।
খোজত চিনি পালো মাতত বুজি পালো
 ধনে কাতিকৰি চাই॥

(৩৭)

পাণ বেহাই গলো মেকুৰি কণীয়া
 তামোল বেহাই গলো ফালি।
ধনে গুৱাহাটী বেহাই যাওঁ এৰাতি
 দেহাটি জুৰণি কৰি॥

(৩৮)

ডিবৰু শুৱনী মটীয়া চিলনী
 কোবাই ভাঙিগলে শেনে।
গা জিনজিননি গামখাৰু বাজনি
 তোকে চাই থাকিব কোনে॥

(৩৯)

ইয়ে বোলে পদুমী সিয়ে বুলি পদুমী
 পদুমী কলৈনো যাই।
শালেকটা মেখেলা মেজাঙ্ককৰি গামোচা
 পদুমীক পাবলৈ নাই॥

(80)

গাই ভালপালো বনগীত এফাকি
 বজাই ভালপালো বাঁহী।
দি ভালপালো দুগালে দুচুমা
 চেনায়ে পেলালে হাঁহি॥

000  000  000