পৃষ্ঠা:বিহুগীত.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇বিহুগীত ◇ ১২০ ◇

(৫)

মিঠৗ মিঠৗ ফুলকৗ গন্ধ ফুলকৗ ৰচইমা
কোন পাপী আই পৰি ফুলকৗ ৰচই মা
ৰূপেৰে ভূলালি ৰূপহী ভোমোৰা
 গুণেৰে ভূলালি পাহি।
কোন শতৰুৱে তোৰে মন ভঙালে
 বসন্ত মলয়াত আহি॥

(৬)

আশা ভৰি তিভ্ৰৗমায়া মুটু ভৰি মায়া
জতা হেৰো উতেই দেখছু তিস্ৰৌ সৱই মায়া
গীত বনাই গাই ৰৌকি তিস্ৰৌ সৱই মায়া
তোমাৰে মৰমে বুকুখন ভৰিলে
 চেনেহৰ বলিলে বান।
তোমাক যেন লগতলৈ ওমলি ফুৰিমগৈ
 গাই গাই যৌৱনৰ গান॥


ঝুমুৰ গীত

(১)

বসন্ত বহিল’ সখা কুকিল’ কান্দিল’ ৰে
এমন সময় প্ৰিয় সখা বিদেশে ৰহিল ৰে।
বসন্ত আহিলে ৰমকে জমকে
 কুলিয়ে জনালে মাতি।
কোনোবা বিদেশত আছাগৈ মইনা
 টোপনি নধৰে ৰাতি॥

(২)

লাল শাড়ী পায়ে ঘুংযুৰ ত’কে চাজেলা
সজনী ৰে’ তকে বৰ মৰম লাগেলা।
হাততো জেতুকা ভৰিতো জুনুকা
 ওঁঠতে হেঙুলি ৰঙ।
ৰঙা শাড়ীখনি কৰে তিৰেবিৰে
 লগত লৈ ফুৰিবৰ মন॥