পৃষ্ঠা:বিহুগীত.pdf/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১৭ ◇

আনা ন নিমানই গঙাচিলনি হাজিকু
 যিদিনা মাগিকো বৰ॥
যেনেকৈ ধৰিব নোৱাৰি ধুনীয়া
 পৰ্বতৰ গাহৰি গড়।
আমাকে পাবলৈ গঙা চিলনি হৈ
 বিধাতাক মগাগৈ বৰ॥

(১২)

ভাটৌ দুৱামালি যৌৱন সোণোৱালী
 জীৱন মহিৰুবা গড়া।
জীয়ৰী কালৰে বিচ্ছিগ ইজয়া মত
 চ্ছিমিমাই দাৰে বৰা॥
যৌৱন সোণোৱালী যেনে নৈ বালি
 যেনে উৰণীয়া পখি।
নৈ গৰা খহাদি যৌৱন যাব খহি
 তালৈ মনত পেলাই চাবি॥

(১৩)

ন চাৰণ ইবাচি কোমলীয়া দেহাচি
 দুমান্ না চচাৰে ন।
নিয় গিদৰনিয় য়য় উগাৰণ
 বানা তাবিৰিণা ন।
তোমাৰে দেহাটি ফুলৰে পাহিযেন
 বিকুলৰ নলি যেন মাত।
অকলে কিমানদিন থাকিবা চেনেহী
 দোষ দি আই বোপাই গাত॥

(১৪)

মালতী ইবানা ইতংনা মইনাচি
 গোলাপ ইতম্‌জিয়ামা চাই।
ইগাবা দাগাবা মচি দুমহ নে
 দানইনু চ্ছাবানা লাই॥
মাধৈকৈ মালতী এৰিলি চেনেহী
 ধুনীয়া গোলাপফুল পাই।