পৃষ্ঠা:বিহুগীত.pdf/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১৬ ◇

তোমাক অ’ চেনেহী পামে কেনে কৰি
 দৰব জাতি নকৰো মানে॥

(৮)

কাংনা বিনানি পঁপঁয় কেতেকী
 পঁপঁয় দাল ইগাবা ননি।
বালি আতিগুহ অভাগি বিনানি
 ননা বুজি নিমায়া নিনা॥
বৰণৈ শুৱনী বগীদৈ চাপৰি
 কেতেকী শুৱনী ডাল।
গাঁৱৰে শুৱনী মোৰধন চেনেহী
 ৰঙাকৈ দুখনি গাল॥

(৯)

বিৰি বিৰি নংনা মোকো পিচা বেমহ
 পঁপই চিছয়া কোংনা কেৰি।
বুজাংনাকে ইবাচি বুজামায়া ননানে
 চাই চ্ছুনানে লাৰি॥
ৰিব্ ৰিব্ বতাহে গছৰ পাত চিঙিলে
 মলয়াই সাৰিলে ধুলি।
তোকে অ’ চেনেহী কোনে মন ভঙালে
 শদীয়া সিপাৰৰবুলি॥

(১০)

নিচিছাবেচোন ইবাচি নিয়ঁ যাঁ বুৰহ
 ননু বুৰচ্ছালে কৰি।
কবাই গম মিমাংনা আঁ অভাগিয়া
 ননা ইতকুনই কৰি॥
অ মোৰ লাহৰী কৈ যোৱা বাতৰি
 তুমি কোন গাঁৱৰে জী।
ৰদত তিৰেবিৰাই ৰঙাগাল দুখনি
 বুকুত তিৰেবিৰাই কি॥

(১১)

পৰ্বত বতেকু মেজ্জিবা চ্ছঁম্ পিচা
 আমিৰিহ বতেকু গড়।