পৃষ্ঠা:বিহুগীত.pdf/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১৩ ◇

নেচাঁও নেচাঁও বুলি থাকিব নোৱাৰো
 লাহৰী ছবিটি তোৰ।
দিনটোৰ ভিতৰত এবাৰ নেদেখিলে
 শৰীল পুৰিমৰে মোৰ।

(১৫)

ঐয়া চিয়াদ্পে
 আবুং আচি চিয়াদপে
মেঃনাম ঐ আতেৰণম্ 
 যাৎপানই দুঃবনে।
নৈ ঘূৰণীয়া ডকা চাকনৈয়া
 উটিলে জাঁজৰি থুপ।
প্ৰেমৰ চাকনৈয়াত পৰিলি চেনেঙা
 বিচাৰি নেপালো তোক॥

(১৬)

ঐয়া ততেকপে
 কাগৰীয়ই ততেকপে
ৰুনে বি-দিবি 
 তিৰ্ পানই চুদুনে ঐ ঐয়া।
নৈয়ে ভাঙিলে নৈ থিয়গৰা
 ঢৌৱে ভাঙিলে ঘূলি।
খাগৰি ভঙাদি কোনে মন ভাঙিলে
 সোৱণশিৰি পৰীয়া বুলি॥

(১৭)

আঃমৈ গাদ্ য়ুমা
 মুটিদেম তুঃয়ুমা
কেমেৰাঙক পায়ামিল
 পটো মাৰিলা মৌপ্পাব
ইমান ধুনীয়াকৈ ধান দাই গলি
 বান্ধিলি হেঙুলী মুঠি।
কেমেৰা নেপালো লাহৰী দেহাটিৰ
 ছবিটি লবলৈ তুলি॥