পৃষ্ঠা:বিহুগীত.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১২ ◇

(১১)

কুৰৱাঙই আচুৱদেম্
 ধুমুহাঙে যিঃপান্ ত
ঐ-গুঞিক্ পীৰিতি
 অতুৰুঙে মঃপান্ ত
অতি চেনেহৰে কুঢ়া চৰাই বাহটি
 বতাহে থেকেচি ভাঙিল।
চেনেহৰ চুমায়ে নাকটি চিঙিলে
 পঙাকথা পঙাতে থাকিল।

(১২)

নক্কে ৰিবি আঙুক
 ঙক্কে উগন্‌ আঙুক
অচিনাঙে অয়েপে
 অম্‌চেদচুলা লেঃৰিপে।
চৰায়ে চৰায়ে পীৰিতি কৰিলে
 পাখিতে লগালে পাখি।
তুমিয়ে আমিয়ে দিও লগন গাঁথি
 ৰিবিগাচেং কৰি যাওঁ সাখী॥

(১৩)

আপিন্ দক আৰাম্‌দ
 ঐনক্ য়াল্লম কাবেগ্ লা
মৃৰচি দৃগদাগ্ এমগেলা
 মিক্‌চি তিত্চুল কাপ্‌দুনে।
ভাত পাতত বহি দেখিলো চেনেঙা
 কাঁহীতে তোমাৰে ছবি।
শোগে খুন্দামাৰি চকুলো টুকিলো
 জলকীয়াই পুৰিছে বুলি॥

(১৪)

কাঃমানে কিচাপে
 বেৰ্মানে কিচাপে
শতুৰু আমিগ্‌দে
 বেৰ্ য়ত্লা কাঃদুনে।