পৃষ্ঠা:বিহুগীত.pdf/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১১ ◇

ৰিব্ ৰিব্ বতাহত আছিলো চোতালত
 চিল্‌মিল টোপনি ধৰে।
চক্‌ মক্‌ সপোনত তোমাকে দেখিলো
 কান্দিলো নকন্দা চলে॥

(৮)

অপিচাৰ্ দক্ অপিছে
 চুণ য়ন্নাম্ অকুম্‌দে
ঐ-ঙঞিক্ দুঙ্কদে
 জুপুৰীয়াই পঁজাদে।
নেলাগে কনেঙা চেহাবৰ বঙলা
 নিপিন্ধো মালতী পাহি।
জুপুৰী পঁজায়ে বৈকণ্ঠ ভূৱনে
 থাকিবা মিচিকি হাঁহি॥

(৯)

ঙক্কে মেঃনাম কঃনেদে
 ঙক্কেপ্ গিপে এম্গেলা
পুমচাঙঃনাম আচিদ্
 বৰকিপে কুঃদুঃনে।
দেহা জুৰণীয়া মন মোহনীয়া
 দেখি মৰম লাগে তোক।
এচলু পানীতে বৰশী বোৱাদি
 চলনা কৰিছ মোক॥

(১০)

ইচিং জুম্‌দক্ কাংকানে
 নাঙৰ ঐ পুলিদে;
কঃনেং জুম্‌দক্‌ কাংকানে
 মেঃনাম্ ঐ কঃনেদে।
বসন্তৰ শুৱনী নাহৰৰ পুলিটি
 ৰঙাকৈ সেন্দুৰী পাহি।
জাকৰে শুৱনী মোৰ ধন চেনেঙী
 মুখৰো নোগুচে হাঁহি॥