পৃষ্ঠা:বিহুগীত.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১২ ◇


(৩০)

নইৰে শুৱনী গঙাকৈ চিলনী
 ফুলনি শুৱনী বন।
চেনেহী শুৱনী দেহৰে জুৰণি
 পীৰিতি কৰিব মন॥

(৩১)

চৰাই উৰণীয়া  পাখি বিনন্দীয়া
 ডিহিঙে ভটিয়াই যাই।
ধনে ধেমেলীয়া  মন চেঙেলীয়া
 চকুৱে চকুৱে চাই॥

(৩২)

মহতকৈ শুৱনী নাই ঐ চেনেহী
 শিঙতকৈ শুৱনী নাই।
শদীয়াৰে পৰা ধুবুৰী ঘূৰিলো
 তোৰেমান ধুনীয়া নাই।

(৩৩)

কোনে স্বৰজিলে  তোকে অ’ চেনেহী
 কোনে নামদিলে তৰা।
তিঁয়হো নহলি চিৰালো নহলি
 কামুৰি চুবাব পৰা।

(৩৪)

তোকেচাই আমনি নেলাগে মইনী
 পেটতো নেলাগে ভোক।
তোৰে গঢ়েপিতে কোনে বনাই দিব
 প্ৰেমৰে প্ৰতিমা মোক॥

(৩৫)

বৰণৈ বৰনৈ শুৱনী কহুঁৱা বননি
 বতৰৰ শুৱনী বাট।
চেনেহী শুৱনী দেহৰে জুৰণি
 বহিবৈ আছিলি তাঁত॥