পৃষ্ঠা:বিহুগীত.pdf/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৮ ◇


বিহু গলে বিনাবা কাক বাই জিলতী ঐ
 এই বেলি বানেহে
 বানে বাই জিলতী ঐ
 এইবেলি বানেহে
 এইবেলি বানেহে বান॥

(৫৮)

আজি বিহু বিহু
কালি বিহু বিহু
ফুলিলে ভেবেলি লতা ঐ

কই থাকো মানে
ওৰকৈ নপৰে
ৰঙালী বিহুৰে কথা ঐ

   

অ’ বাই সেউতী ঐ
অ’ বাই মালতী ঐ
অ’ বাই সেউতী ঐ
অ’ বাই মালতী ঐ
সেইটিবা সেইটিবা
নাচনী কোন।
অ’ বাই সেউতী ঐ
অ’ বাই মালতী ঐ
অ’ বাই সেউতী ঐ
অ’ বাই মালতী ঐ
সেইটিবা সেইটিবা
নাচনী কোন॥

(৫৯)

জালভাৰী বৰুৱা
কিমান ডাঙৰীয়া
বেলাত চাৰিসাজি খায়
গোমচেং চোলাটো
কান্ধতে পেলাই লৈ
ঘোঁৰা খেলিবলৈ যায়ে কাই বেথাবৰ ঐ
 ধিন্‌খিটৌ ধিন্‌খিটৌ বজালা
 ঢোলে কাই বেথাবৰ ঐ
 ধিন্‌খিটৌ ধিন্‌খিটৌ বজালা ঢোল॥

—০০—