পৃষ্ঠা:বিহুগীত.pdf/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৭ ◇

মাঘৰ বিহু ভোগালী
বহাগ বিহু ৰঙালী
কৰি যাওঁ ধেমালি
ডালত কপৌ ফুলিলে
ঢোল পেঁপা ঐ বাজিলে
পেঁপাৰ মাতে বলীয়া কৰিলে
নাচি নাচি নাচনী আহিলে
পেপাই মাতে তিহিঁতি
নাচি থাকা ভনিটী
নাচনী অঐ
নচুৱাই থাকিবৰ মন।

(৫৬)

সবাতকৈ শুৱনী
হলি ঐ চেনেহী
ললি গুণেশ্বৰী নাম
দিনে ৰাতি কৰি
ঈশ্বৰক খাটিছো
তোকে কেনেকৰি পামে ঐ
 নৈ পানী ঐ বঢ়া নাই ঐ
 কুলিৰ মাতো শুনা নাই ঐ
 শুনা নাই ঐ কেতেকীৰ
  মাতে হেৰা অঞ্জনা
 কলে জানো বুজিবা
 হাঁহিবা নে কান্দিবা
 মোৰে দুখৰ বেদনা॥

(৫৭)

বিহুৰে বিৰিণা
পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে
বিহুকে বিনাবা