পৃষ্ঠা:বিহুগীত.pdf/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৬ ◇

এ মৰমজান
এ মৰমজান
এ মৰমজান

   

থিয় হৈ বিষালে
থিয় হৈ বিষালে ভৰি॥
কোনে স্বৰজিলে
তোকে গুণলতা
মৰম নাইকীয়া
কৰি মৰমজান ঐ
মৰম নাইকীয়া কৰি।

(৫৩)

এ সৰুমাই
এ সৰুমাই
এ সৰুমাই



এ সৰুমাই
এ সৰুমাই
এ সৰুমাই

   

নৈত পৰি নমৰো
নলয় জলকোঁৱৰে
নেখাই বনৰীয়া
বাঘে সৰুমাই ঐ
নেখাই বনৰীয়া বাঘে।
একোটা সময়ত
এনে বেয়া লাগে
ডিঙিকাটি মৰিম যেন
লাগে সৰুমাই ঐ
ডিঙি কাটি মৰিম যেন লাগে॥

(৫৪)

ৰহদৈ ঘিলাদৈ
ৰহদৈ ঘিলাদৈ
ৰহদৈ ঘিলাদৈ

   

চমকত চাবলৈ
নহওঁ মই বিজুলী
ৰহদৈ ঘিলাদৈ
   নহওঁ মই বোৱঁতী নৈ।

ৰহদৈ ঘিলাদৈ চৰায়ো নহলো
ৰহদৈ ঘিলাদৈ উৰিগৈ চাবলৈ
ৰহদৈ ঘিলাদৈ ৰহদৈ ঘিলাদৈ
   দুহাতে দুপাখি লৈ॥

(৫৫)

বিহু বিহু বিহুটি
আমাৰ বিহু তিনিটি
কাতি বিহু কঙালি