পৃষ্ঠা:বিহুগীত.pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৪ ◇

(৪১)

ৰাজমাউ দেউলত ঢোলে গিৰগিৰালে
 আহিলে মৰাণৰ দল।
উলাই স্বৰ্গদেউ দিয়াহি সমিধান
 আমাৰ যাবৰ সময় হ’ল॥

(৪২)

আলিয়ে আলিয়ে যাই বালিমাহী
 এখুজি দুখুজি লেখি।
খুৰা লগা কৰণি যাই বাটবুলি
 হাঁচতি আনোগৈ বুলি॥

(৪৩)

দেউতাৰ বৰঘৰ ফুল চতি লগোৱা
 চাপৰি চাপৰি যাবা।
ৰজাই বটাদিয়া সোণালী পাগুৰি
 আলান্ধু লাগিব চাবা॥

(৪৪)

নামৰো নেজানো সুৰে অ’ বৌদেউ
 পদৰো নেজানো সুৰ।
কিনো চাই আছা ভিতৰলৈ যোৱাগৈ
 মেলাগৈ জপাৰে মূৰ॥

(৪৫)

পানত পদুমৰ চকা ঐ দেউতা
 চূণত পদুমৰ চকা।
তোমাৰ ধনেৰে কিনো দল বন্ধাবা
 বচনে এহেজাৰ টকা॥

(৪৬)

উজাই ৰজা দুৱাৰ ৰাজমাও ওলালে
 সজাই কিৰিঙীয়া হাতী।
নাচনী গাৰে চোলাটো ফাটিলে
 কাকতিক আনাগৈ মাতি॥