পৃষ্ঠা:বিহুগীত.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৩ ◇

(৩৫)

বোৱালে মেলিব পোখা অ’ দেউতা
 বোৱালে মেলিব পোখা।
এটকা চিকাৰূপ নেপাব লাগিলে
 চোতালখন কৰিযাম বোকা॥

(৩৬)

কাৰফাই ধেনুৰে জোঁৰে হৰি হৰি
 কাৰফাই ধেনুৰে জোঁৰ।
দেউতাৰ চোতালত বিহু মাৰি মাৰি
 কাছুটি সুলকিল মোৰ॥

(৩৭)

পেঁপা সাজি দিব কোনে ঐ নাচনী
 টকা সাজি দিব কোনে।
মৰাণৰ মুচীয়াৰ ঘৰত নাইকীয়া
 ঢোল চাইদিব কোনে॥

(৩৮)

চফা নাহৰৰে পাতে বাই কিৰিঙী
 চফা নাহৰৰে পাত।
বৌদেউ শিপিনী হাঁচতী নিদিলে
 শৰাইলৈ নেমেলো হাত॥

(৩৯)

ঢোলৰে বৰটি লৰিল সমনীয়া
 ঢোলৰে বৰটি লৰিল।
কালিৰে পৰা ভাতে নাইকীয়া
 কাছুটি সুলকি পৰিল॥

(8০)

ৰিঙেকৈ পহুৰে শিঙে সেউজীয়া
 দুবৰি কজলা ডাল।
আমাৰে বিহুতে ঢোলে নাইকীয়া
 বজাও খোলাকটি তাল॥