পৃষ্ঠা:বিহুগীত.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০২ ◇

এবেলা দুলাতে এবেলা ঘোঁৰাতে যক ঐ লহৰীয়া
এবেলা খেলিখেলায়ে শৰীলৰে যক ঐ লহৰীয়া
খেলিকে খেলায়ে ৰঙকে নেপালে যক ঐ লহৰীয়া
ঘিলা খেলিবলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
ঘিলাকে খেলিয়ে ৰঙকে নেপালে যক ঐ লহৰীয়া
নদীত গা ধুবলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এপতা পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এগাঠি পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এগাঁঠি পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
একাঠু পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
একাঠু পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এককাল পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এবুকু পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এডিঙি পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এজাবুৰ দুজাবুৰ মাৰে সাত জাবুৰ যক ঐ লহৰীয়া
পাৰতে মচিলে ভৰি শৰীলৰে যক ঐ লহৰীয়া
আৰু দুনাই জাবুৰ মাৰোতে কোঁৱৰক যক ঐ লহৰীয়া
নিলে জল কুঁৱৰীয়ে হৰি শৰীলৰে যক ঐ লহৰীয়া।

(৩২)

জুনা: ভলুকা বাঁহৰে আখি ঐ দদাই দেউ
 ভলুকা বাহৰে আখি।
তলে বোকাপানী ওপৰে বৰষুণ
 আমাকো নথবা ৰাখি॥

(৩৩)

উজাই চৰিব শিহুকৈ ঘঁড়িয়াল
 ভটিয়াই চৰিব মোৱা।
এখন গুণাৰ চেলেং দিয়া আগবঢ়াই
 ভনিটী গাভৰু হোৱা॥

(৩৪)

আমাৰে বিহুখন উৰুঙা পুৰুঙা
 ঢোলৰ মাত নোহোৱা হ'ল।
নামতী থাকিলে নগাওঁ জিলাতে
 নাচনী শদীয়াত ৰল॥