পৃষ্ঠা:বিহুগীত.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লহৰী খেলৰ গীত


(৩০)

ঘোষাঃ আইধন বিনন্দীয়া হৰিধন ঐ লহৰীয়া
পদঃ তেতেলি তলতে কৰো তাঁত বাটি ল’হ’ লহৰীয়া
  পাহৰি আহিলো কুচি শৰীলৰে ল’হ’ লহৰীয়া।
  কুচিৰে লগতে পগলাই কিলাব ল’হ’ লহৰীয়া
  যামে আই ঘৰলৈ গুচি শৰীলৰে ল’হ’ লহৰীয়া
  মাৰৰ ঘৰলৈ যাবি তই পাগলী ল’হ’ লহৰীয়া
  বাটতে খপোৱা দিমে শৰীলৰে ল’হ’ লহৰীয়া
  বাটতে খপোৱা দিবি তই পগলা ল’হ’ লহৰীয়া
  হাবিত লৰে মাৰি সোমাম শৰীলৰে লহ’ লহৰীয়া
  হাবিত লৰে মাৰি সেমাবি পাগলী ল’হ’ লহৰীয়া
  হাবিজুই লগায়ে দিমে শৰীলৰে ল’হ’ লহৰীয়া।
  হাবি জুই লগায়ে দিবি তই পগলা ল’হ’ লহৰীয়া
  ধোঁৱাৰে লগতে উৰিম শৰীলৰে ল’হ’ লহৰীয়া
  ধোঁৱাৰে লগতে উৰিবি পাগলী ল’হ’ লহৰীয়া
  হাঁকুটি লগায়ে ধৰিম শৰীলৰে ল’হ’লহৰীয়া
  হাঁকুটি লগায়ে ধৰিবি পগলা ল’হ’ লহৰীয়া
  লেধায়ে শামুকে হমে শৰীলৰে ল’হ’ লহৰীয়া
  লেধায়ে শামুকে হবি তই পাগলী ল’হ’ লহৰীয়া
  তোকে চূণে পুৰি খামে শৰীলৰে ল’হ' লহৰীয়া
  মোকে চূণপুৰি খাবি তই পগলা লহ’ লহৰীয়া
  দুগালে দাকিয়ে দিমে শৰীলৰে ল’হ’ লহৰীয়া।
  দুগালে দাকিয়ে দিবি তই পাগলী ল’হ’ লহৰীয়া
  মুখত তেলে ঘঁহি দিমে শৰীলৰে ল’ই’ লহৰীয়া
  মুখত তেলে ঘঁহি দিবি তই পগলা ল’হ’ লহৰীয়া
  তোমাৰে দেহতে মিলিম শৰীলৰে লহ’ লহৰীয়া।

(৩১)

ঘোষাঃ হাতৰে চাপৰি আহক ঘনে কৰি
  ভৰিৰ গিৰিপনি যক ঐ লহৰীয়া।
পদঃ শংকৰ দেউ ৰজাৰে পুতেক মণিকোঁৱৰ যক ঐ লহৰীয়া
  কিছুতে ক্ষতিক্ষণ নায়ে শৰীলৰে যক ঐ লহৰীয়া