পৃষ্ঠা:বিহুগীত.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১ ◇


(২৪)

ৰঙত জিলিকিলে  ৰঙাগাল দুখনি
 খঙত জিলিকিলে চকু।
বহোতে জিলিকিল  ককালৰ খনীয়া
 উঠোতে জিলিকিল বুকু॥

(২৫)

পূৰ্ণিমাৰ জোনযেন  মুখৰে চেহেৰা
 বিজুলি বাতিযেন ছাঁয়া।
নিলগৰে পৰা  কৰে তিৰেবিৰে
 কোনজন ঈশ্বৰৰ মায়া॥

(২৬)

জিলিকি আহিছে  পাঞ্চৈ নাওখনি
 জিলিকি আহিছে চৈ
চৈৰে ওপৰত  চেনাইটি আহিছে
 ষোৰীয়া সেন্দুফোঁট লৈ॥

(২৭)

উৰি যাওঁ চেনেহীৰ   লগত ঔ মইনা
 ঘূৰি যাওঁ চেনেহীৰ লগত।
দাঁতৰ জিলিকনি  মুখৰ মিচিকনি
 ময়োযাওঁ চেনেহীৰ লগত॥

(২৮)

উজাই ডিবুৰুলৈ  ধুবুনি নামিলে
 ভটিয়াই নামিলে গাই।
কিনোদাই লাগিলে  কোনেও নকলে
 চেনাই নাওমেলি যাই॥

(২৯)

দিখৌৱে এৰিলে দিচৈ চেৰাসুঁতি
 মুদৈয়ে এৰিলে বেহা।
চেনায়ে এৰিলে  চোলা পিন্ধিবলৈ
 মেমনি সজালে দেহা॥