পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষহৰিৰ জন্ম
 

অনন্তে আসিয়া পদ্মাৰ শিৰে ধৰে চাটী।
পাণ্ডু নাগক পদ্মাই মাৰিলেক গাটী।।
তক্ষক নাগে আসিয়া তৈলেক পানীৰ ঝাড়ি।
উৎপল নাগে তামোল দেই খাই বিষহৰি।।
নাগৰ ঝাড়িত পানী নাগৰ বাটায় পান।
নাগে তামোল দেই পদ্মা খাই বিদ্যমান।।
নাগৰ আসন পদ্মা ভূষণ নাগৰ।
নাগৰ শাখা নাগৰ সিন্দুৰ অলঙ্কাৰ।।
বাপৰ নিকটে গৈলা এহি মতে বেশে।
মুখত কাপোৰ দিয়া মহাদেৱে হাসে।।
হলাহল বিষ খাই কৰি আছো পানী।
কাৰ কাছে দেখাস তই সৰ্পৰ কাহিনী।।
প্ৰবোধ না মানে ভোল হৈয়া ভোলানাথে।
খাপ মাৰি ধৰে শিবে জীয়েকৰ হাতে।।
শীঘ্ৰে গৈলা শিব গোসাই কৰিবাৰে পাপ।
আপোনাৰ মূৰ্ত্তি ধৰি পদ্মা হৈলা সাপ।।
সাক্ষী কৰে পদ্মাৱতী যত দেৱগণ।
আপোনাৰ দোষে হয় পিতাৰ মৰণ।।
ব্ৰহ্মা বিষ্ণু সাক্ষী কৰে অনল পৱন।
ইন্দ্ৰ যম সাক্ষী হওঁ সিদ্ধ মুনিগণ।।
স্বৰ্গ মৰ্ত্ত্য সাক্ষী হওঁ ইতিনি ভুৱন।
বহু শনি সাক্ষী হওঁ যত গ্ৰহগণ।।
কোপ কৰি বিষহৰি বিষ চক্ষে চাইলা।
কমলাৰ বনে শিব ধলিয়া পৰিলা।।