পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বিষহৰিৰ জন্ম
 

বিস্তৰ মাৰিলা পদ্মাক চৰ যে চাপৰ।
পদ্মা বোলে নামাৰ সতই প্ৰাণ ৰক্ষা কৰ।।
দুৰ্গা বোলে সতিনী হৈ আছা মোৰ ঘৰে।
সতাই বুলিয়া চাস ভাবিতে আমাৰে।।
ক্ৰোধেতে চণ্ডীকা হৈলা অগনি সমান।
কঙ্কনৰ ঘত কৰি চক্ষু কৈলা কান।।
বাম চক্ষে হাত দিয়া পদ্মাৱতী কান্দে ৷
তাক দেখি গঙ্গা দেবী শঙ্কৰক নিন্দে।।
গঙ্গা বোলে দুৰ্গা তই এত স্বতন্তৰী।
লঙ্ঘিলি শিবৰ আজ্ঞা তই অধিকাৰী
কন্যা জন্মাইলেক শিবে পদ্মবনে গৈয়া।
তাক বিড়ম্বলি শিবৰ বচন লঙ্ঘিয়া ৷৷
গঙ্গাৰ বচনে পদ্মাৰ ক্ৰোধ ভৈলা মন।
সাক্ষী কৰে পদ্মাৱতী যত দেৱগণ।।
ব্ৰহ্মা বিষ্ণু সাক্ষী কৰে যত দেৱগণ।
স্বৰ্গ মৰ্ত্ত্য সাক্ষী কৰে ইতিন ভুবন।।
চন্দ্ৰ সূৰ্য্য সাক্ষী কৰে অনল পৱন।
আপোনাৰ দোষে যাই যমেৰ কৰণ।।
চক্ষুৰ বেদনা পাই জয় বিষহৰি।
দংশিলা চণ্ডীৰ পাৱে সৰ্পৰূপ ধৰি।।
চিত্তে চিন্তিলেক পদ্মাই চণ্ডীৰ মৰণ।
ঘ ৰ মুখে দিলা পদ্মাই ঢালিয়া গৰল।।
বাম পদে খোট দিয়া গৈলেক পলাই।
মৰো বুলি ঢলি পৰে কাৰ্ত্তিকৰ মাই।।