পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষহৰিৰ জন্ম

মোৰ সঙ্গে কিমতে চলিয়া যাইবা ঘৰে।
দুষ্ট চণ্ডীকাই মন্দ বুলিবো তোমাৰে।।
পদ্মা বোলে শুনা পিতা বচন আমাৰ।
তোমাৰ সঙ্গে যাইতে সাইৰ নাই ডৰ।।
পদ্মাৰ বচন শিবে এড়াইতে নাপাৰি।
বিশ্বকৰ্ম্মা বুলিয়া হুঙ্কাৰিলা ত্ৰিপুৰাৰি।।
শিব বাক্য কোনো জনে নকৰে হেলন।
স্বৰ্গ হৈতে বিশ্বকৰ্ম্মা আইলা তেতিক্ষণ।।
কৰযোৰে বিশ্বকৰ্ম্মে লাগে বুলিবাৰ।
কি কাৰ্য্য কৰিবো আজ্ঞা কৰা মহেশ্বৰ।।
শিবে বোলে শুনা কৰ্ম্মী বচন আমাৰ।
একটী কৰণ্ডী সাজি দিয়াতো সোণাৰ।।
এত শুনি বিশ্বকৰ্ম্মাৰ হৰষিত মন।
এক গোট কৰণ্ডী সাজিলা তেতিক্ষণ।।
সেই কৰণ্ডীত ভৰাই দেৱ মহেশ্বৰে।
পদ্মাক তুলিয়া লৈলা বৃষভৰ উপৰে।।
কুমাৰী লইয়া শিবে যাইতে কৈলাসে।
ইষত হাল যুৰিয়া বাছায় খেত চাষে।
পদ্মাক দেখিয়া বাছায় বৃষভৰ উপৰে।
হাসিতে হাসিতে বাছায় লাগে বুলিবাৰে।।
বাছায় বোলে শুনা প্ৰভু দেৱ শূলপাণি।
চুৰি কৰি লই যোৱা কাহাৰ ঘৰুণী।।
বাঘৰ ছাল পিন্ধি ফুৰা মুখে পকা দাৰি।
দেৱৰ দেবতা হৈয়া চুৰি কৰা নাৰী।।