এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চাতুৰ্য
তাড়ণাৰ ভীষণ প্ৰেমিক কবি
মুহুৰ্তৰ মূহুৰ্ত কথাত বান্ধি নাৰাখে
মোৰ প্ৰেমেৰে তেওঁ হৃদয় পখালি থাকে
জোনবাইক চুবলৈ কাষ চাপি যাওঁ
গৈ থাকিলে গৈ থাকে
মই ৰৈ দিলে ৰৈ দিয়ে
জোনাবাইৰ দেশলৈ খোজেৰে যাব নোৱাৰি
প্ৰকাশ : জনমভূমি (ৰঙালী বিহু বিশেষ সংখ্যা-২০১৬)
বিশ্বাসৰ বনানীকৰণ ৷ ৫৭