পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধ্যান


শব্দৰৰ সাধনা কৰিলে
কেৱল সাহিত্য সৃষ্টি নহয়
জানিব পাৰি
আনৰ মানসিক চৰিত্ৰ

শব্দৰে কৰা অবিৰাম খেলৰ অন্তত
মই বুজি উঠিছো
জড় জগততকৈ অধিক পৰিৱৰ্তন হোৱা
জটিল মানসিক জগতৰ বহু গুপুত বতৰা

শব্দই যাৰ ধ্যান
তেওঁৰ দৃষ্টিক আঁৰ কাপোৰে ঢাকিব নোৱাৰি

৪৪॥ বিশ্বাসৰ বনানীকৰণ