পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পীড়া


যি দুখত মই আতুৰ হৈছো
সেই দুখ মোৰ নহয়

অনাদি কালৰ পৰা
জীয়া প্ৰকৃতিয়ে বহন কৰি অহা
পীড়াৰ কিয়দাংশ সেয়া

উজুটিকে দুখ বুলিছোঁ
হাঁহিকে সুখ বুলিছোঁ

মোৰ দুখ কি
মোক সুখ কি
স্বৰূপ নজনাকৈ
সুখ-দুখৰ নামকৰণ কৰিছোঁ।

প্ৰকাশ : প্ৰান্তৰ, দৈনিক জনমভূমি, ০৩-০২-২০১৬

বিশ্বাসৰ বনানীকৰণ ॥ ২৭