পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শালিকী


শালিকী অ’ শালিকী
মোলৈ বঢ়া ভাত তই কাঢ়ি খালি

শালিকী অ’ শালিকী
ঠাণ্ডা প্ৰকৃতিৰ মানুহটোৰ অন্তৰখন বুজিলি
মোৰ ঘৰৰ ভিতৰত তোৰ ঘৰ সাজিলি

ওলাওঁতে-সোমাওঁতে লেনী-ঘেনী কৰ
চুই চাব খুজিলে উৰি লৰ্ মাৰ

পীৰাত বহি ভাত খাওঁ
আখলৰ চতিত বহি তই মোলৈ চাৱ
মৰমত মাতিলে আহুঙীয়া হৈ আহ
তোক দেখি নামি আহে তোৰ ল’ৰা-মাইকী

শালিকী অ’ শালিকী
মোৰ ঘৰৰ জেউতী,
তোৰ সতে চুপতি নামাৰিলে
শুভ নহয় দিনটো

অ’ শালিকী অ’ শালিকী
তইনো মোৰ পৰা কিয় আঁতৰি থাকিবলৈ শিকিলি

প্ৰকাশ : জনসাধাৰণৰ শনীবৰীয়া ২৬-০৩-২০১৬

২৪ ॥ বিশ্বাসৰ বনানীকৰণ