পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

অথচ ভাল কাপোৰ পিন্ধাৰ হেঁপাহ, সেইবোৰ West End ৰ দোকানলৈ আহি ফ্যাচন চাই গৈ নিজেই কিম্বা আন দৰ্জিৰ হতুৱাই চোলা কাপোৰ কৰাই লয়। ইয়াত গৃহস্থৰ ঘৰৰ ছোৱালীয়ে নিজৰ কাপোৰ নিজেই প্ৰায় কৰে, অতি কদাচিতহে দৰ্জিৰ হতুৱাই। কৰায়। অৱশ্যে যাৰ টকা-পইচা সৰহ, তাৰ বেলেগ কথা; আমি গৃহস্থ কথা ঠিক আমাৰ দেশত যি ভাবত গৃহস্থ ব্যৱহাৰ কৰা হয়, সেই ভাবেই ব্যৱহাৰ কৰিছোঁ। খ্ৰীষ্টমাচৰ সময়ত দোকানবোৰ সঁচাকৈয়ে চাবলগীয়া। দোকান সজোৱাৰ কি নিয়ম! বস্তুবোৰে কাঁচৰ দুৱাৰৰ ভিতৰৰপৰা “মোক কিনহি মোক কিনহি” বুলি মাতি থাকে। এইখিনি সময়তে গাঁৱৰ ছোৱালী আৰু বয়সিয়াল তিতাৰ উলাহ চাবলগীয়া; আৰু সৰু সৰু ল’ৰা-ছোৱালীৰতো কথাই নাই। যাৰ য'ত ভাই বন্ধু, মিতিৰ কুটুম, আই-বোপাই আছে, আটাইবোৰ একেলগ হয়হি, আৰু লগ হ'ব নোৱাৰিলে চিঠি দি শুভ-ইচ্ছা পঠোৱা, ‘প্ৰেজেন্ট’ পঠোৱা, মৰম পঠোৱা, খ্ৰীষ্টমাচৰ সময়ৰ নিত্যনৈমিত্তিক কাৰ্য্য। ডাকোৱালৰ ইমান কাম বাঢ়ে যে বহুতো বাহিৰা মানুহ ডাকোৱাল নিযুক্ত হয়।

 আমাৰ দেশৰ মানুহে প্ৰথমে এই কথা সুধিব—“বিলাতত কিমান খৰচত এজন মানুহ থাকিব পাৰে?” তাৰ উত্তৰত ইংলণ্ডীয় ভাষাত এটি কথা আছে—It all depends. সেই উত্তৰ আমি দিওঁ। যদি ঘৰ-বাৰী চাই ল’বৰ শক্তি আছে তেনেহ'লে খোৱা-থকাৰ খৰচ প্ৰতি সপ্তাহে এটা খোঁটালীত এক পাউণ্ড এক গিনিত বিচাৰি ল’ব পাৰি। কিন্তু ই টান। প্ৰথমে আহিলে নিজেই অলপ বেছি দি থাকিব লাগিব তাৰ পাছত চালাক-চতুৰ মানুহে নিজেই বিচাৰি ল’ব। সপ্তাহত ২৫। ৩০ চিলিং সচৰাচৰ খৰচ। ৩৫ চিলিং দু পাউণ্ড দিলে সুবিধামতে থাকিব পাৰি; অৱশ্যে ধোবাৰ খৰচ বেলেগ। কলিকতাতে হওক কি আসামতে হওক যি মানুহক ধোবাই নিয়মমতে কাপোৰ দিয়ে, তেওঁ বৰং সৌভাগ্যশালী —আপুনি জানেই। ইয়াত ধোবাৰ কষ্ট তেনে নাই। সোমবাৰে কাপোৰ লৈ যাব, শুকুৰ কি শনিবাৰে নিশ্চয় দিবই দিব, কিয়নো দেওবাৰে গিৰ্জালৈ ধোৱা কামিজ-কলাৰ পিন্ধি যাব লাগিব। ষোবাৰ খৰচ অৱশ্যে হাড়ভঙা—এটা কামিজ ধোৱাৰ খৰচ চাৰি অনা, এটা ডবল কলাৰ চাৰি পইচা, এটা চিংগিল কলাৰ দুই পইচা,। মোজা চাৰি পইচা, বগা ওৱেষ্টকোট ছয় অনা, ৰুমাল দুই পইচা ইত্যাদি। প্ৰতি সপ্তাহে অতি সাৱধানে চলিলে ধোবাৰ খৰচ প্ৰায় এটকামান লাগে। বিচনা-পাতি, গামোচা ইত্যাদি ঘৰৰ মালিকৰ। সেইবোৰ বস্তুৰ ধোৱা খৰচো ঘৰৰ মালিকৰ। কয়লা জাৰকালি এক খৰচৰ বস্তু। প্ৰত্যেক Scuttle (স্কটল, কয়লা ৰখা সৰু পাত্ৰ) ছঅনা। অতি সাৱধানে পৰিলে এক স্কটল কয়লা দিনৌ যায়। কোনো ঠাইত কয়লাৰ আকৌ দাম বেছি— এক স্কটলৰ দাম আঠ অনা, বাৰ অনা, ঘৰ চাই। ছয় অনাই সচৰাচৰ নিয়ম। আকৌ কোনো ঠাইত চাকিৰো দাম লয়—প্ৰত্যেক গেছৰ নিমিত্তে সপ্তাহত ছয় অনা। ভালকৈ