পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
বিলাতৰ চিঠি


বন্ধুবৰ্গৰ ঘৰ rooms-ত হৈছিল। Patoral play আমাৰ অসমৰ ল’ৰাবিলাকে সুকলমে কৰিব পাৰে। তাত মই Much Ado About Nothing পাষ্টৰেল প্লে চাইছিলোঁ। কেম্ব্ৰিজৰ ছাত্ৰসকলেই কৰিছিল বোধকৰোঁ৷ ইয়াত ছিন-টিনৰ (scene) বিশেষ দৰ্কৰ নাই। সমুখৰ আঁৰ কাপোৰখন হ’লেই হয়। ওপৰত একো নেথাকে। অৱশ্যে ষ্টেজৰ দুইকাষে অলপ আঁৰ থাকে৷ গছ-ফুলেই ছিনৰ কাম কৰে। আমাৰ ভাওনা আৰু ৰঙ্গপ্ৰিয় ডেকাসকলে এবাৰ নাট কৰি পৰীক্ষা কৰি চাব পাৰে।

 কেম্ব্ৰিজৰ বিশেষ বিৱৰণ এই বিলাতৰ কথাতে কেম্ব্ৰিজ শীৰ্ষক এখনি চিঠি লেখিবলৈ আগলৈ ইচ্ছা ৰাখিলোঁ।

 স্কুলৰ এজন মাষ্টৰে মোক সুধিছিল, “Boroah, are you fond of fishing?” মই কৈছিলোঁ যে মই কেতিয়াও মাছ মৰা নাই; কিন্তু এবাৰ মাৰি চালে বেয়া নহয়। “Then come and spend a week with me at Huntingdon. We shall hire a boat, etc.etc.” পাছত ভাবিলোঁ যে এই ছয় সপ্তাহ Summer holidaysৰ এসপ্তাহ তেওঁৰ লগতে কটোৱা ভাল। কেম্ব্ৰিজ এৰি কথামতে হানটিংডনলৈ গ’লো। এই চহৰখনি ‘উজ’(Ouse) নদীৰ ওপৰত। এই নদীখনৰ বিষয়ে কুপাৰ (Cowper)-পাঠী সকলোৱে জানে। Huntingdon-ৰ পাছত Devonshire-ৰ Paington বুলি ঠাই এখনলৈ গৈছিলোঁ। তাৰ পাছত লণ্ডনত দুদিনমান। শেহত Chelmsford। এইবোৰ ঠাইৰ বিষয়ে অহাবাৰলৈ লেখিম।

(২৩)

 সেই মাষ্টৰজনৰ নাম আছিল এই. ডবলিউ. ৰৱেল। চেলেমচ্‌ফৰ্ডত কাম লোৱাৰ আগেয়ে তেওঁ হান্টিংডন স্কুলৰ মাষ্টৰ আছিল। আবেলি গৈ হান্টিংডন পালোঁগৈ। কোনো কোনো ষ্টেশ্যনত বাচ (Bus) থাকে, সেই বাচবোৰ ওচৰ-চুবুৰীয়া ঠাইত মানুহ আৰু অলপ-অচৰপ “লাগেজ” অলপ পইচা দিলে থৈ আহে। তেনে বাচত মোৰ উঠি যোৱা মনত আছে। মোক নিবলৈ মিঃ ৰৱেলে অৱশ্যে মানুহ পঠাইছিল— চাগৈ কৈ দিছিল,“He is an Indian boy.”ইমান বগা মুখৰ মাজত এজন “ইণ্ডিয়ান বয়” বিচাৰি উলিওৱা সেই মানুহ দুটিয়ে একো টান নেপাইছিল।

 মিঃ বডৱেলৰ “লেণ্ডলেডি’'ৰ পুতেকেই কি গিৰিয়েকেই ডাকঘৰৰ পোষ্টম্যান আছিল। ঘৰ-দুৱাৰ বেছ চাফ-চিকুণ। আমাৰ ইয়াত পোষ্টম্যানৰ কথা নকওঁৱেই, বহুতো ভাল মানুহৰো ঘৰত তেনে আচ্‌বাব-পত্ৰ নাই। ‘ইয়াৰ’ বোলাত মই অকল অসমকে কোৱা নাই, মই গোটেই ভাৰতবৰ্ষখনকে ধৰিছোঁ। আমি দুয়ো এটা খোঁটালীত শুইছিলোঁ।।