পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
বিলাতৰ চিঠি

হয়। দীৰ্ঘজীৱীসকলৰপৰা শুনা যায় যে তেওঁলোকে সদায় নিয়মিত পৰিমিতাহাৰ কৰে।

 Lunch খোৱাৰ পাছত কথাবাৰ্ত্তা পাতি পাঁচমান বজাত চাহ-ৰুটি খাই আকৌ হাইগেটমুৱা হ'লো। মিষ্টাৰ-মিচেচ্‌ স্পীয়েৰচে ক'লৈ গৈছিলোঁ, কিবা খালোঁ নে নাই এনেবোৰ কথা মৰম কৰি সুধিলে। লাহে লাহে তেওঁলোকৰ আটাইৰে মৰম পাই লাজ কিম্বা সঙ্কোচ একেবাৰে ভাগি গ'ল।

 কিছুদিন কি কৰিম, ক’ত পঢ়িম, কোন বিষয় বিশেষকৈ শিক্ষা কৰিম— এইবোৰ কথাতে সময় কটোৱা হ'ল। মই আগেয়ে কৈছোঁ—পীয়েৰচন পৰিবাৰৰ ঠিকনা “হ্যাম্পষ্টেড”বাদে একো নেজানিছিলোঁ। জনা হ’লে তেওঁলোকৰ তালৈ গ'লোঁহেঁতেন। মিঃ স্পীয়েৰচৰ পুতেকে পঢ়া স্কুলতে এবাৰ পঢ়িম বুলি ভাবিছিলোঁ। সেই স্কুল হাইগেটত। সেই স্কুলত College of preceptors বুলি এবিধ পৰীক্ষা লৈহে শিকাইছিল। সময় নষ্ট কৰাতকৈ সেই পৰীক্ষালৈকে সাজু হোৱা হ'লে ভাল আছিল। সেই পৰীক্ষাৰ তিনি ভাগ আটাইতকৈ উচ্চ পৰীক্ষাটো পাছ হোৱা একো অপ্ৰশংসনীয় নহয়। সেই স্কুলত London-matricৰ নিমিত্তে নিশিকায় দেখি যোৱা নহ’ল। বহুত অভিভাৱক থাকিলে যি হয়, মোৰো সেই অৱস্থা হ’ল। তিনিমাহমান ঘৰতে পঢ়িছিলোঁ—মিচেচ্‌ স্পীয়েৰচৰ লগত ফ্ৰেঞ্চ আৰু মিচ্‌ স্পীয়েৰচ এজনাৰ লগত লাটিন। কেইদিনমান University Tutorial College বুলি এটা কলেজত লাটিন আৰু ফ্ৰেঞ্চৰ “লেস্যন” লৈছিলোঁ। সিহঁতে ঘন্টাত পাঁচ চিলিংকৈ লৈছিল—অৰ্থাৎ তিন টকা বাৰ অনাকৈ। ভাবি চাওক বিলাতত কেনে খৰচ! অৱশ্যে মই অকলৈ এজন শিক্ষকৰ সহায় এঘণ্টালৈ পাইছিলোঁ। সকলো ল’ৰাৰ সৈতে একেলগে বহি পঢ়া হলে মাহেকত ত্ৰিশ কি পঁয়ত্ৰিশ টকা মাচুল দি লণ্ডন- মেট্ৰিকৰ সকলো বিষয়কে শিকিব পাৰিলোঁহেতেন।

 এইখিনিতে মিচ্‌ম্যানিঙৰ (Miss Manning) কথা আপোনাৰ আগত কওঁ। সেইখিনি সময়ত কি তাৰ কুৰি বছৰৰ আগেয়ে যোৱা ভাৰতবৰ্ষীয় ডেকাসকলে এওঁৰপৰা বিশেষ সহায় পাইছিল। এওঁ ১৯০৫ চনত ইহলোক পৰিত্যাগ কৰে। তেওঁ জাতীয় ভাৰতবৰ্ষীয় সভাৰ চেক্ৰেটাৰী আছিল। ভাৰতবৰ্ষীয় জাতীয় সভা বোলাত আজিকালিৰ কংগ্ৰেছৰ (Congress) কথা কোৱা নাই। ন্যাশ্বন্যাল ইণ্ডিয়ান এছোচিয়েশ্যনৰ কথাহে কৈছোঁ। এই সভাৰ বিষয়ে সকলোৱে জানে। মিচ্‌ ম্যানিং তেতিয়া ৩৫নং ব্লোমফিল্ড ৰোড, মেইডাভলত (Blomfield Road, Maidavale) আছিল। এই ঠিকনাৰ কথা মই পূৰ্ব্বৰেপৰা জানিছিলোঁ। ডাক্তৰ স্বৰ্গীয় ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ বিলাতৰ খৰচাদি দেউতাই দিছিল। সাত-আঠ বছৰমান খৰচ লোৱাৰ পাছত স্বৰ্গীয় ৰাধিকাদাদাই দেউতাক আৰু খৰচ পঠিয়াবলৈ মানা কৰি পঠিয়ালে। দেউতাই খৰচ পঠাই থাকিব বুলি জনাত তেওঁৰ ঠিকনা কি আন কোনো ঠিকনা দেউতাক আৰু নজনালে। চিঠি লেখাও বন্ধ কৰিলে।