মিচেচ্ মল্লিকে আমাৰে সৈতে তেওঁক চিনাকি কৰাই দিলে। বাইদেউ শ্ৰীযুতা স্বৰ্ণলতা দেৱীৰ সৈতে তেওঁৰ পৰিচয় আছিল। মিচেচ্ গুপ্তলৈ তেওঁ মোক চিনাকি-চিঠিৰ দৰে এখন চিঠিও দিছিল। সেই চিঠি মিচেচ্ গুপ্তক দিলোঁ। তেওঁ তাৰ পাছদিনা আমাক ডিনাৰলৈ নিমন্ত্ৰণ কৰিলে। তেওঁৰ পৰিধেয় দেশীমতে শাৰীয়ে আছিল—শাৰীৰ ওপৰত ক্লোক।
তাৰ অলপ পাছতে আজিকালি বঙ্গীয় চিভিল চাৰ্ভিচৰ জজ্ (তেতিয়া পাঠ্যাৱস্থাত) শ্ৰীযুত জ্ঞানেন্দ্ৰ ৰায় আহিল৷ তেওঁ আমাৰে কথা জানিবৰ নিমিত্তে মিচেচ্ মল্লিকেৰে সৈতে দেখা কৰিবলৈ আহিছিল। মিচেচ্ কীটিং বুলি এজন ইংৰাজ মহিলাই আমাৰ বিষয় সুধি পঠায়, সেই নিমিত্তে তেওঁ আহিছিল।
পিতৃদেৱতাৰ মৃত্যুৰ অতি পাছতে মাজিও ককাইদেৱ শ্ৰীযুত কমলাভিৰামৰ মৃত্যু হয়। পিতৃদেৱতাৰ মৃত্যুৰ পূৰ্ব্বেই আই মাতৃদেৱীক আৰু ডাঙৰ ককাইদেৱ শ্ৰীযুত কৰুণাভিৰামক হেৰুৱাওঁ। তেতিয়া আমাৰ বহুত অভিভাৱক হ’ল। তাৰে হাইকোৰ্টৰ বিখ্যাত উকীল ৺দুৰ্গামোহন দাস আৰু প্ৰসিদ্ধ বৈজ্ঞানিক শ্ৰীযুত জগদীশচন্দ্ৰ বসুৱেই প্ৰধান। দুৰ্গামোহন বাবুৰ মাজিও পুতেক ব্যাৰিষ্টাৰ শ্ৰীযুত এচ্. আৰ্. দাস সেই পীয়েৰচনৰ লেষ্টাৰৰ স্কুলত আছিল দেখি পীয়েৰচনহঁতলৈ চিঠি লেখে, সেইদেখিয়েই মিচেচ্ পীয়েৰচন আৰু মিচ্ পীয়েৰচন ডক্চলৈ যায়। ইপিনে ডাক্তৰ জগদীশ বসুৱে তেওঁৰ বন্ধু লণ্ডনৰ এটি উপনগৰ ব্ৰিক্চটনৰ টালচ্ হিলত থকা মিচেচ্ কীটিঙলৈ ডাকতো চিঠি লেখে আৰু মোৰ লগতো এখন চিঠি দিয়ে। মিচেচ্ কীটিঙে ডাক্তৰ বসুৰপৰা চিঠি পাই শ্ৰীযুত জ্ঞানেন্দ্ৰনাথ ৰায়লৈ চিঠি লেখে— সেইদেখিয়েই সেইদিনা পুৱা মিষ্টাৰ ৰায়ে মিচেচ্ মল্লিকৰ তালৈ গৈছিল। এই মিষ্টাৰ ৰায়ে মোৰ নিমিত্তে দুই-তিনি দিনৰ বহুমূল্য সময়ৰ কিছু দিছিল। সেইগুণে এইখিনিতে তেওঁৰ শলাগ লৈ থওঁ। মিষ্টাৰ ৰায়ে মোৰে সৈতে ব্ৰিকচটনলৈ যাবলৈ দুদিন পাছত “এনগেজমেন্ট” কৰি গ'ল।
মোৰ লগত কেৱল মাথোন চাঁদনী বজাৰৰ কাপোৰ আছিল। সেইদেখি অলপো সময় নষ্ট নকৰাকৈ ওচৰৰে নটিং হিলত ফ্ৰেড়কিন বুলি দৰ্জ্জিৰ দোকানত মিষ্টাৰ হেমন্ত মল্লিকে মোক লৈ গৈ এটা চুট আৰু এটা ‘অভাৰ কোট’ৰ অৰ্ডাৰ দিলে। চুটৰ দাম তিনি গিনি অৰ্থাৎ আজি-কালিৰ হিচাপ মতে ৪৫৷|০ অনা আৰু অভাৰ কোটৰ দামো তিনি গিনি। ১৮৯৫ চনত ১ পাউণ্ড ১৮ টকাতকৈ অলপ বেছি আছিল। আমাৰ দেশৰ মানুহে এক পাউণ্ড আৰু এক গিনি একে ভাবে, কিয়নো সাধাৰণ ভাষাত পাউণ্ডকে গিনি বুলি কয়। এক গিনি বুলি কোনো এটা মুদ্ৰা নাই। এক চাভাৰিণ্ অৰ্থাৎ এক পাউণ্ড আৰু এটি চিলিং এক গিনি।