পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
বিলাতৰ চিঠি

শ্ৰীযুত হালদাৰে দেখুৱাই দিলে। ই বৰ কৌতুকৰ কথা হৈছিল।

 নিশাৰ ভোজন সমাপ্ত কৰি কিছুপৰ কথাবাৰ্ত্তা পতাৰ পাছত দহমান বজাত শুবলৈ গ'লোঁ। সেয়ে আমাৰ খোঁটালীত অকলে শোৱা প্ৰথম। ঘৰৰ দুৱাৰ বন্ধ কৰিবলৈ মিঃ হালদাৰে এটা সঁচাৰ দেখুৱাই গৈছিল। সেই সঁচাৰেৰে দুৱাৰ বন্ধ কৰি শুই থাকিলোঁ। কিন্তু দুৱাৰ চাবি দি বন্ধ কৰিবৰ একো দৰকাৰ নাছিল। নানান ৰকমৰ চিন্তাৰ পাছত টোপনি আহিল। ৰাতি টোপনিৰ একো ব্যাঘাত হোৱা মনত নপৰে। পুৱা সাতমান বজাত টোপনি ভাগিল। ক’বলৈ পাহৰিছোঁ, বিলাতত ৰাতি শোৱাৰ আগেয়ে দুৱাৰৰ আগত জোতা থৈ দিয়াৰ নিয়ম। ৰাতিপুৱা সেইবোৰ চাকৰ বা চাকৰণীয়ে চাফ কৰি আকৌ সেই ঠাইত থৈ যায়। আমিও তাকে কৰিলোঁ। সাতমান বজাত দুৱাৰত “নক” শুনিলোঁ। আৰু “Hot water, please, sir” কোনোবাই কোৱা শুনিলোঁ। আৰু বাহিৰত কিবা এটা থৈ যোৱাৰ শব্দ শুনিলোঁ। উঠিবৰ সময় হ’ল বুলি ভাবি বিচনা এৰিলোঁ। এইখিনিতেই এটা কথা কৈ থওঁ, আমি বিলাতত বহুকাল থাকি এই দেখিছোঁ যে ভাৰতবৰ্ষৰপৰা নকৈ যোৱা মানুহ বৰ সোনকালে উঠে, কিয়নো আমাৰ ইয়াত সেয়েই অভ্যাস। অলপ দিন থাকিলে সময় পিছ হুঁহকি যায়। সেইবুলি আমি নকওঁ যে বিলাতত কোনো মানুহ অতি প্ৰত্যুষে নুঠে। “Early to bed and early to rise” অৰ্থাৎ সোনকালে শুবলৈ যোৱা আৰু পুৱাই শয্যা ত্যাগ কৰা ইংৰাজী ভাষাৰেই বচন। সি বাৰু যি হওক, আমি মুখ ধোৱা মেজৰ জগত থকা চেঁচা পানীৰেই মুখ-হাত ধুই কাপোৰ-কানি পিন্ধি মিচেচ্‌ মল্লিকৰ আহাৰ গৃহলৈ গ'লোঁ। সেই খোঁটালীৰ পৰা বাট দেখি। চাকৰণীয়ে জুহালত কয়লা আৰু খৰি দি জুই ধৰিলে। অলপ জুই জ্বলি খোঁটালী তপত কৰিলে। তলৰপৰা চাহৰ বাচন-বৰ্তন আনি চাকৰণীজনীয়ে ব্ৰেকফাষ্টৰ আয়োজন কৰিবলৈ ধৰিলে। আমি খিৰিকীৰ ওচৰত বহি বাটেদি দুজন-এজন মানুহ অহা-যোৱা দেখি ভাবিলোঁ— ইহঁত ক'ৰপৰা আহিছে, ক'লৈ বা যাব লাগিছে, বাটৰ আদিয়েই বা ক'ত, অন্ত‌ই বা ক'ত— আমাৰ একো জ্ঞাত নাছিল। অতীত আৰু ভৱিষ্যত জীৱনৰ কথা ভাবিবলৈ ধৰিলোঁ। ঘৰৰ কথা মনত পৰিল— স্বৰ্গীয় পিতৃ, ককাইদেউ দুজনৰ কথা, স্বৰ্গীয়া জননীৰ কথা মনত পৰিল। পঁয়ত্ৰিশ-ছয়ত্ৰিশ দিন আগতেই বা ক'ত আছিলোঁ, এতিয়াই বা ক’ত? এইবোৰ নানান কথা ভাবি, ক’বলৈ লাজ কৰাৰ একো প্ৰয়োজন নাই, চকুৰ পানী ওলাল। আধাঘণ্টা মান পাছত মল্লিক পৰিয়াল ব্ৰেকফাষ্ট খাবলৈ নামি আহিল। তেওঁলোকে আমাক অতি আদৰেৰে ব্ৰেকফাষ্ট খুৱালে। ব্ৰেকফাষ্টত— পৰিজ, বেকন আৰু কুক্কুটি- ডিম্ব, চাহ, টোষ্ট, মাখন খালোঁ। জাহাজত খোৱাৰ ইয়াতকৈ বেছি আড়ম্বৰ পাইছিলোঁ।। ব্ৰেকফাষ্টৰ পাছত বহি আছোঁ, এনেতে মিচেচ্‌ মল্লিকৰ সৈতে দেখা কৰিবলৈ মিচেচ্‌ বি, এল. গুপ্ত আহিছিল। তেওঁ লণ্ডনত ল'ৰা-ছোৱালীৰ শিক্ষাৰ্থে তেতিয়া বাস কৰিছিল।