পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বিলাতৰ চিঠি

উঠোঁ। সেই জাহাজেই আমাক একেবাৰেই লণ্ডনৰ ৰয়েল এলবৰ্ট ডকত তুলি দিলে। এই বাট অতিক্ৰম কৰিবলৈ আমাৰ পাঁচ সপ্তাহ লাগিছিল। ৭ অক্টোবৰৰ দিনা আমি লণ্ডন পালোঁগৈ। আমি পাঁচোটি ভাৰতবৰ্ষীয় ল'ৰা একেলগে গৈছিলোঁ। এই জাহাজ আমাৰ মনত চিৰকাললৈ থাকিব। এই জাহাজ বৃটিছ ইণ্ডিয়া লেভিগেচন কোম্পানীৰ ‘ডনেৰা’ (S.S. Dunera)। এই পাঁচজনৰ এজন শ্ৰীযুত যোগেন্দ্ৰনাথ পাল; এওঁ এতিয়া যুক্তপ্ৰদেশৰ ভাৰতীয় চিভিল চাৰ্ভিচত কাম কৰে। শ্ৰীযুত সত্যেন্দ্ৰনাথ সেন, কেম্ব্ৰিজত ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহিছে। শ্ৰীযুত সুকুমাৰ সেন, এতিয়া এওঁ কলিকতাতে স্বাধীন ব্যৱসায় কৰিব লাগিছে। চতুৰ্থজন শ্ৰীযুত আবুল ফজল মহম্মদ ফজল হক, এওঁ নিজৰ জমিদাৰী তত্ত্বাৱধান কৰি নিজৰ দেশতে আছে। আৰু আনজনতো স্বয়ং মই। মোৰ সেই নতুন মনৰ ভাব, সৰু কালৰ উদ্যম, উৎসাহ, জাহাজত আমাৰ নিজৰ ভিতৰতে আমোদ-প্ৰমোদ ইত্যাদি নানা কথা কেতিয়াও মোৰ মনৰপৰা আঁতৰ নহয়।


(৬)

  ডনেৰা (Dunera) জাহাজেদি বিলাতলৈ যোৱাৰ কথা কেতিয়াও নেপাহৰোঁ। ৩ চেপ্টেম্বৰ, ১৮৯৫ চন, মঙ্গলবাৰ আছিল। সোমবাৰে ৰাতি দুজন বন্ধুৰ লগত ঘৰৰ নিজৰ মানুহৰপৰা বিদায় লৈ জাহাজত উঠিবলৈ গ'লোঁ। নিশা জাহাজত চেইলৰ ছুট পিন্ধা এজন আদহীয়া বয়সৰ ‘দাঢ়িৱালা’ শকত বৃটিছ খালাচীয়ে আমাক ফিৰিকা দিনা পুৱা আহিবলৈ ক'লে, জাহাজ গঙ্গাৰ জোৱাৰ-ভাটাৰ গোলমালত নিশা যাব নোৱাৰিব দেখি। এনেবোৰ বৃটিছ খালাচী প্ৰায়ে মোটা আদহীয়া ‘দাঢ়িৱালা’হয়—ইহঁতক quarter master (কোৱাৰ্টাৰ মাষ্টাৰ) কয়। ইহঁত সাধাৰণ খালাচীতকৈ ওখ খাপৰ। সি বাৰু যি হওক — আমি আমাৰ বহা ভবানীপুৰৰ ১ নং জেলিয়াপাড়া ৰোডলৈ আকৌ উভতি আহিলোঁ। সেই ৰাতি শুই থাকি পুৱা দহমান বজাত আকৌ জাহাজলৈ গ'লোঁ। এইবাৰ জাহাজ মানুহেৰে ভৰা, জাহাজৰ বিষয়াসকল আৰু চাকৰ-বাকৰ ইত্যাদি বৰ ব্যস্ত, যাত্ৰীসকলে বন্ধু-বান্ধৱৰপৰা বিদায় লোৱা, কোনোৱে কন্দা, কোনোৱে চকু মোহৰা ইত্যাদি বিদায়ৰ লগৰীয়াবোৰ দেখিলোঁ। আমাৰ লগত যি দুজন বন্ধু গৈছিল, তেওঁলোকৰপৰা আমি বিদায় ললোঁ। আন চাৰিজন ভাৰতবৰ্ষীয় ল’ৰাৰ বন্ধু বান্ধৱেও তেওঁলোকৰ বন্ধুৰপৰা বিদায় ললে। জাহাজ একমান বজাত এৰিলে। নিজৰ মাতৃভূমি এৰি অচিনাকি ঠাইলৈ যাবলৈ আৰম্ভ কৰিলোঁ। সেইদিনা চাৰিমান বজাত গৈ বোটানিকেল গাৰ্ডেনৰ কিছু দক্ষিণত জাহাজে লঙ্গৰ পেলালে। ৰাতি তাতে থাকিলোঁ। দূৰদেশলৈ যেতিয়া যাবলৈ ওলাইছোঁৱেই, অলপ দূৰৈত গৈ লঙ্গৰ পেলা — ইমান ওচৰত অথচ