পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

অতীতৰ কথা ভাবি ভাবি লাহে লাহে খোজ কঢ়া দেখি সংসাৰৰ গতি-বিধিৰ কথা ভাবি ভাবি আপুনি সুন্দৰৰূপে নিদ্ৰাও দিব পাৰে। সঁচাকৈয়ে ইংলণ্ডৰ জহকালি সুখৰ বস্তু। আপুনিও যদি জীৱনৰ বসন্ত কিম্বা জহকালিত, তেনেহ'লে এই জহকালি আপোনাৰ সুখকৰ হ’ব। মোৰ কবিতা লেখিবৰ শক্তি নাই; থকা হ'লে কবিতা এটা লেখি ইংলণ্ডীয় জহকালিক বন্দনা কৰি আপোনালৈ পঠিয়ালোঁহেঁতেন।

  জহকালি ইয়াত সূৰ্য্য ৮৷৷ বজা ৯ বজাত অস্ত যায়, ৩ ॥ কি ৪ বজাত উদয় হয়। লাহে লাহে শৰৎকালৰ আগমনত সময় কমি আহে। জাৰকালি বহুত দিন সূৰ্য্যদেৱতাক দেখা পোৱা নেয়। পাৰ্চী এজনে তেওঁলোকৰ ধৰ্ম্ম সমৰ্থন কৰি এজন ইংলণ্ডীয়ক কি কৈছিল আপুনি অৱশ্যে জানে। ইংলণ্ডীয়জনে পাৰ্চীজনক সুধিলে, “তোমালোকে সূৰ্য্যক কিয় পূজা কৰা? ছিঃ ই বৰ বেয়া কথা তোমালোকৰ।” পাৰ্চীজনে ইংলণ্ডীয়জনৰ মুখৰ কথা শেহহ’বলৈ নিদিয়াকৈ ক'লে — “মনে মনে থাকা দেওহে, আমাৰ সূৰ্য্য তোমালোকৰ ইয়াত থকা হ'লে তোমালোকেও তেওঁক পূজা কৰিলাহেঁতেন।” জাৰকালি কেতিয়াবা ইয়াত এনে এন্ধাৰ হয় যে দিনৰ দিনটো চাকি লগাইহে কাম-বন কৰিব পাৰি। আজি জাৰকালিৰ কথা কৈ আপোনাক নকঁপাওঁ। জহকালিৰ কথাকে শুনক।

  এই দেশত কোনো মানুহ যিমান দুখীয়া হওক, কমপক্ষেও জহকালি তেওঁ এসপ্তাহমান কাম-বনৰপৰা আজৰি লৈ সপৰিয়ালে নগৰৰ গেজাগেজিৰপৰা উদ্ধাৰ হৈ হয় সমুদ্ৰৰ তীৰত, নহয় গাঁৱৰ সুবিস্তীৰ্ণ পথাৰৰ ওচৰত আশ্ৰয় লৈ তেওঁৰ শৰীৰৰ ভাগৰ আৰু আমনি খেদাই আকৌ কামৰ নিমিত্তে প্ৰস্তুত হয়। এইটো বৰ ভাল নিয়ম। আমাৰ দেশৰ মানুহে এনে বিশ্ৰামৰ মূল্য বুজা হলে আমাৰ দেশত নৰিয়াপাটীৰ লেখ ভালেমান কমিলহেঁতেন। সি যি হওক, এই “Taking a holiday” নিয়মটো ইয়াত বৰ প্ৰচলিত।

  জহকালি “Where are you going for your holiday?” এই প্ৰশ্নটো সাধাৰণ। লণ্ডনৰ ওচৰত বহুতো সমুদ্ৰতীৰ ঠাই আছে। বৃটেনখনেই বা কিমান ডাঙৰ? তিনি-চাৰি ঘণ্টা ৰেলত ফুৰি এঠাইৰপৰা এঠাইলৈ গ'লেই বহুতে ইয়াত ভাবে যে তেওঁ খুব ফুৰি আহিল। “You must be feeling very tired after your long journey, do you have another cup of tea?” এইদৰে এজনে এজনক কোৱা প্ৰায়ে শুনা যায়।

  ইংলণ্ডীয় মানুহ অতি ভদ্ৰ। যি মানুহৰ বিশ্বাস ইংলণ্ডীয় মানুহ বেয়া বুলি, তেওঁৰ সেই বিশ্বাস ভুল। আমাৰ দেশত থকা কোনো কোনো ইংলণ্ডীয়, স্কটলণ্ডীয়, আয়ৰ্লণ্ডীয় মানুহৰ ব্যৱহাৰত যদি এনে বিশ্বাস হৈ থাকে, তেনেহলে সি অন্যায়। আমাৰ দেশৰ যি মানুহে এনে ভাবে, বৃটেনলৈ তেওঁৰতো অহা নিতান্ত উচিত; তেনেহ'লে তেওঁৰ ভুল গুচিব। বৃটিছ জাতি ইংলণ্ডত কেনে, চাই গ'লেহে তেওঁলোেক প্ৰতি মৰম-শ্ৰদ্ধা আমাৰ দেশৰ মানুহৰ নিশ্চয় বাঢ়িব।