ইয়ালৈ আহি নিজ কৰ্মক্ষেত্ৰত লাগি গল! কলিকতাৰ ওচৰৰ বেলুড়ত পাশ্চাত্য দেশীয় শিষ্যৰ অৰ্থ সাহায্যত মাটি কিনি ১৮৯৮ খৃষ্টাব্দৰ মাৰ্চ্চ মাহত বৰ্ত্তমান বেলুড় মঠ স্থাপন কৰে আৰু ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা কৰি দেশৰ উন্নতিৰ নিমিত্তে কি কি কাম কৰিব লাগিব তাক নিৰ্দ্ধাৰণ কৰে। ১৮৯৭ খৃষ্টাব্দত দুৰ্ভিক্ষ পীড়িতসকলৰ সাহায্যাৰ্থে নানা ঠাইত ৰিলিফ্ ওৱাৰ্ক স্থাপিত কৰে।
ক্ৰমাগত পৰিশ্ৰমৰ কাৰণে স্বাস্থ্যভঙ্গ হোৱাত চিকিৎসক- সকলৰ পৰামৰ্শত বিবেকানন্দে অলপ দিনৰ নিমিত্তে ইংলণ্ড আৰু আমেৰিকালৈ ১৮৯৯ খৃষ্টাব্দত যায়। আৰু তাৰপৰা ভগ্নস্বাস্থ্য লৈয়েই ভাৰতলৈ আকৌ ঘূৰি আহে।
এইবাৰ সাধুসকলৰ নিমিত্তে ৰামকৃষ্ণ সেৱাশ্ৰম, বেনাৰেস ব্ৰহ্মচৰ্যাশ্ৰম, ৰামকৃষ্ণ হ’ম, ৰামকৃষ্ণ পাঠশালা প্ৰভৃতি বহুত অনুষ্ঠান কৰে।
ইংৰাজী ১৯০২ খৃষ্টাব্দৰ ৪ঠা জুলাই শুক্ৰবাৰৰ ৰাতি প্ৰায় ৯ টা বজাত তেখেতে সকলোৰে অলক্ষিতত দেহত্যাগ কৰি অনন্ত ধামলৈ গুচি যায়।
ত্যাগ আৰু সেৱা তেখেতৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেখেতে ৰাজযোগ, ভক্তিযোগ প্ৰভৃতি বহুত গ্ৰন্থ লিখি গৈছে। তেখেতৰ বক্তৃতাশক্তি, প্ৰগাঢ় পাণ্ডিত্য, বহুভাষাজ্ঞান, ধৰ্ম্মপ্ৰবণতা আৰু গুৰুভক্তিয়ে তেখেতক চিৰস্মৰণীয় কৰি ৰাখিব।