পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৌৰজগত আৰু পৃথিৱীৰ বিচিত্ৰ বতৰা
 


■সৌৰজগতৰ ওচৰৰ ছিৰিয়াছ-বি (Sirius-B) নামৰ নক্ষত্ৰটো (ইয়াক বগা বামণ শ্ৰেণীৰ নক্ষত্ৰ বুলি কোৱা হয়) পৃথিৱীতকৈ আকাৰত সৰু; কিন্তু ইয়াৰ পদাৰ্থৰ গাঢ়তা ইমান বেছি যে ইয়াৰ ওজন সূৰ্যৰ ওজনৰ প্ৰায় সমান। এইটো নক্ষত্ৰৰ এমুঠি পদাৰ্থৰ ওজন প্ৰায় পাঁচ লাখ কিলোগ্ৰাম।

■ সৌৰজগতৰ এটা গ্ৰহ নেপচুনৰ কক্ষপথ সূৰ্যৰ পৰা ইমান দূৰৈত যে সূৰ্যৰ পোহৰ ৰশ্মি এই গ্ৰহটো পাবলৈ চাৰি ঘণ্টাতকৈও বেছি সময় লাগে। পোহৰৰ গতিবেগ ঘণ্টাত প্ৰায় তিনি লাখ কিলোমিটাৰ।

■ পৃথিৱীৰ আৱৰ্তন বেগ বৰ্তমানৰ ৯ভাগৰ এভাগ হোৱা হ'লে পৃথিৱীত গছ-গছনিৰ উৎপত্তি সম্ভৱ নহ'লহেঁতেন।

■ শনিগ্ৰহৰ বিষুৱ ৰেখাৰ ওপৰৰ বায়ুমণ্ডলত ধুমুহাৰ গতি ঘণ্টাত প্ৰায় ১৬১০ কিলোমিটাৰ। পৃথিৱীত আজিলৈকে যিমানবোৰ বেগৱান ধুমুহা দেখা গৈছে তাৰ ভিতৰত আটাইতকৈ বেগৱান এটা টৰ্ণেড’ ধুমুহাৰ গতিবেগ আছিল ঘণ্টাত মাত্ৰ ৪৫০ কিলোমিটাৰ।

■ পৃথিৱীৰ পৰা যদি চন্দ্ৰৰ দূৰত্ব ৮৩,৩৩৩ কিলোমিটাৰ কম হ'লহেঁতেন, তেন্তে চন্দ্ৰই এনেকুৱা প্ৰলয়ংকৰী জোৱাৰৰ সৃষ্টি কৰিলেহেঁতেন যে এভাৰেষ্ট শৃঙ্গও পানীত বুৰ গ'লহেঁতেন।

■ শনিগ্ৰহৰ দৃশ্যমান আঙঠিকেইটাৰ বাহিৰত থকা নটা আধানযুক্ত কণাৰ অদৃশ্য আঙঠিৰ মাজেৰে অন্তহীনভাৱে তিনি নিযুত এম্পিয়েৰ শক্তিসম্পন্ন বিদ্যুৎ প্ৰবাহ ঘূৰি থাকে।

■ সূৰ্যৰ উষ্ণতা বৰ্তমানৰ আধা হোৱা হ'লে পৃথিৱীত শীতৰ প্ৰকোপ ইমান

বেছি হ'লহেঁতেন যে কোনো প্ৰাণীয়েই জীয়াই নাথাকিলহেঁতেন। আনহাতে,