পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে আৰু ৯ বজাৰ আগতে শুই যায়। তাৰোপৰি কাইলৈ পুৱতি নিশাতেই সিহঁতে গুৰুডূংগমাৰ হ্ৰদ অভিমুখে যাত্ৰা কৰিব লাগিব।

 হোটেলখন আচলতে অতিথিশালাৰ নিচিনাহে আছিল। গ্ৰাউণ্ড ফ্লৰত মালিক আৰু হোটেলৰ কৰ্মচাৰীবিলাক থাকে। প্ৰথম মহলাতেই অনিৰুদ্ধহঁতক থাকিবলৈ দিয়া হৈছে। ৰূমবোৰ বিশেষ ডাঙৰ নহয়। অনিৰুদ্ধৰ গোটেই কেইটাৰ বাবে দুজনীয়া কোঠা পৰ্যাপ্ত নথকাত চাৰ্গেই আৰু অনিৰুদ্ধই প্ৰত্যকে এজনীয়া কোঠা ল’লে। ছোৱালীহঁতে সকলোৱে দুজনীয়া কোঠাবোৰ আগতে দখল কৰি লোৱাত ল’ৰাবোৰলৈ বাকী থকা কোঠাবোৰহে ৰৈছিলগৈ।

 চাৰে ন’ মান বজাতেই সকলোবোৰ শুবলৈ গ’ল। অনিৰুদ্ধই নিজৰ ৰূমতে আবদ্ধ হৈ মবাইলত ভিডিঅ’ চাই থাকিল৷ লাচুঙতে পাৱাৰ বেংকটো ভালকৈ চাৰ্জ কৰি আনিছে সি। নহ’লে যে লাছেনত ম’বাইলৰ বেটেৰীৰ অৱস্থা বেয়া হ’লহেঁতেন কাৰেণ্টৰ যিহে অৱস্থা। ফেচবুকত কিবা এটা চাওঁ বুলি ভাবিও সি চাব নোৱাৰিলে। ভোডাফোনৰ নেটৱৰ্কৰ অৱস্থা খুউব বেয়া।

 হঠাৎ কাৰেণ্টটো গুচি গৈছিল। অনিৰুদ্ধই মবাইলত ভিডিঅ’ চোৱাটো বাদ দিলে। আন্ধাৰত ম’বাইল স্ক্ৰীনে তাৰ চকুত বৰ আমনি দিয়ে। সি বিছনাতে এবাৰ বাগৰ সলালে। সৰুৰে পৰা সি ৰাতি বহু দেৰিলৈকে উজাগৰে থাকিছিল। সেই অভ্যাসটো তাৰ আজিও থাকি গ’ল। বাৰ বজাৰ আগতে তাৰ এতিয়াও টোপনি নাহে।

 অনিৰুদ্ধই কোঠাৰ খিৰিকীখন খুলিলে। ঠাণ্ডা বতাহ এজাক হুৰমুৰকৈ তাৰ কোঠালৈ সোমাই আহিল। সি খিৰিকীৰে বাহিৰলৈ চালে। অনিৰুদ্ধ হতাশ হ’ল। তাৰ কোঠাৰ কাষতে হোটেলৰ অন্য এটা ঘৰ আছিল। অগত্যা সি কোঠাৰ বাহিৰলৈ ওলাই আহিল। ভেন্টিলেটৰে জোনাক সোমাই অহা দেখি সি বাহিৰৰ জোনাক বিধৌত লাছেঙখন চাবলৈ আগ্ৰহী হৈ উঠিল।

 অনিৰুদ্ধৰ কোঠাৰ পৰা দুটা কোঠা পাৰ হৈয়েই সন্মুখৰ বেলকনিখন। অনিৰুদ্ধই তাতেই ভেঁজা দি সন্মুখলৈ চালে৷ ইমান যে সুন্দৰ লাগিছে অকণমানি লাছেনখন। সৰু সৰু হোটেলবোৰ আৰু তাৰ তলত ৰখাই থোৱা গাড়ীবোৰ অশৰীৰি কিবা এটা যেন লাগিছিল। জেকেটৰ পেকেটত হাত ভৰাই সি অবাক দৃষ্টিতে চাই ৰ’ল।

 : অনি! হঠাৎ এক চিনাকি কণ্ঠত সি উচপ খাই উঠিল। হয়! হয়! সি ঠিকেই দেখিছে তাৰ পিছফালে তাৰ পিঠিত আলফুলে হাত থৈ সেইজনী নিতিশা।

 : তুমি! অনিৰুদ্ধৰ কণ্ঠত চেপা উত্তেজনা!

 : উম! নিতিশাই মৃদু কণ্ঠেৰে ক’লে টোপনি ধৰা নাছিল।

 : ওঁ! মোৰো! অনিৰুদ্ধ ক’লে। তোমাক ইয়াত লগ পাই যাম বুলি সপোনতো ভবা নাছিলো।

 : ওঁ! মই তোমাৰ সপোনৰ ৰাণী। নিতিশাই তাৰ কানে কানে ক’লে। তাৰ গালত তাইৰ গৰম নিশ্বাসে স্পৰ্শ কৰিলে।

 : ইমান ধুনীয়া জোনাক নহয়! নিতিশাই আকৌ ক’লে।

 : ওঁ! তাতে তুমি মোৰ লগত আছা! নিতিশাই আকৌ ক’লে।

 : ওঁ! তাতে তুমি মোৰ লগত আছা! মোৰ এতিয়াও নিজৰ চকুক বিশ্বাস হোৱা নাই। অনিৰুদ্ধই

তাৰ উচ্ছাস ঢাকি ৰাখিব পৰা নাই।

বিচ্ছুৰিত বৰ্ণালী » ৯৩