পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এটা ঈষৎ উজ্জ্বল পোহৰৰ কেন্দ্ৰৰ তলত অন্যান্য সকলৰ লগতে অনিৰুদ্ধ বহিছে৷ পোহৰৰ কেন্দ্ৰৰ বৃত্তাকাৰে সুশৃংখলিতভাৱে বহি ৰোৱা লোকসকলক কিমান যে সুন্দৰ দেখিছে। ঈশ্বৰ বিশ্বাস আৰু মৃত্যুৰ সিপাৰৰ সেই অনামী ঠাইৰ ধাৰণা অনিৰুদ্ধৰ বোধগম্য নহয়, কিন্তু মাতৃ মন্দিৰৰ উপাসনাস্থলীত বহি সি এক অদ্ভুত প্ৰশান্তি লাভ কৰিছে। শান্তিৰ বাবে এটা প্ৰাৰ্থনা যেন যুগৰ পিছত যুগ মানৱীয়তাক জীয়াই ৰাখিবৰ বাবে আয়োজিত হৈছে এই মহাআড়ম্বৰ। অনিৰুদ্ধই দুচকু জপাই দিলে। পৱিত্ৰতাৰ এজাক শীতল বতাহে যেন তাৰ শৰীৰ চুই গ’ল।

 দহৰ পৰা পোন্ধৰ মিনিটমান সময় কেনেকৈ পাৰ হৈ গ’ল অনিৰুদ্ধই যেন গমেই নেপালে। প্ৰাৰ্থনা শেষ হোৱাৰ ইংগিত দেখি উপাসকসকল মাতৃ মন্দিৰৰ ভিতৰৰ পৰা শাৰী পাতি ওলাই আহিল। অনিৰুদ্ধই মন্ত্ৰমুগ্ধৰ দৰে বাহিৰলৈ খোজ ল’লে।

 : ইকি? —অনিৰুদ্ধই যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। সি সপোন দেখিছে নেকি? সেই একেই মুখ, একেই নাক, একেই চুলি! গাখীৰৰ সৰৰ দৰে দুগাল, জোঙা নাক, তন্বী শৰীৰ। সেই নিতিশা। সি অস্ফুট স্বৰে মাতিলে। সি খৰখেদাকৈ ছোৱালীজনীৰ ওচৰ পালেগৈ। তাই যাদুঘৰৰ বস্তুবোৰ এফালৰ পৰা কৌতুহলী দৃষ্টিৰে চাই গৈছে।

 : হেই! —অনিৰুদ্ধই যেন নিজৰ ডিঙিটোকে চেপা মাৰি ধৰিব। ই কেনেকৈ সম্ভৱ! নিতিশা ইমান দিন ধৰি কেনেকৈ একেই থাকিব পাৰে।

 : এনি প্ৰব্লেম। ছোৱালীজনীয়ে হয়তো অলপ বিৰক্ত হৈ সুধিলে। সি তাইৰ ফালে একেথিৰে চাই থকাৰ বাবে ছোৱালীজনীয়ে ছাগৈ ধৰিব পাৰিছিল। অনিৰুদ্ধই তাইক একো ক’ব পৰা নাই৷ বৰং বেঙাৰ দৰে তাইৰ ফালে চাই থাকিল।

 : ডিচগাষ্টিং! ছোৱালীজনীয়ে ভোৰভোৰালে আৰু উচাটমাৰি বাহিৰলৈ ওলাই গ’ল।

 অনিৰুদ্ধ তাইৰ পিছে পিছে যাব খুজিছিল। ক’ৰবাৰ পৰা আদিত্যই দৌৰি আহি তাক হাতত ধৰি এফালে টানি লৈ গ’ল।

 : বাহ দেউতা! তুমিও ধুনীয়া ছোৱালী দেখিলে এতিয়াও ফিদা হৈ যোৱা দেই! সি হাঁহি ৰখাব পৰা নাই। মই ইমান পোৰে দূৰৰ পৰা তোমালৈ চাইহে আছিলো। কেমেৰাৰ অনুমতি থকা হ’লে ভিডিঅ’ কৰি মাক দেখুৱালোগৈ হেঁতেন!

 হাঃ হাঃ হাঃ আদিত্যৰ হাঁহিৰ যেন শেষেই নহ'ব।

 অনিৰুদ্ধই আদিত্যক উপেক্ষা কৰি ছোৱালীজনী যোৱাৰ ফালে চালে। তীব্ৰ গতিৰে গৈ কোনোবাখিনিত তাই নেদেখা হৈ পৰিল। অনিৰুদ্ধৰ আদিত্যৰ ওপৰত খঙো উঠিল। কিন্তু এতিয়া যে একো কৰাৰ উপায় নাই। আদিত্যই তাৰ দেউতাকৰ বুকুৰ অদৃশ্য জুইকুৰাৰ কথা নেজানে। আদিত্যৰ হাতত ধৰি সি ধীৰে ধীৰে বাহিৰলৈ খোজ ল’লে। তাৰ বুকুৱে এতিয়াও যেন ধান বানি আছে। হঠাৎ দেখা পোৱা ছোৱালীজনীয়ে যেন তাৰ শৰীৰৰ ৰক্তৰ সঞ্চালন দ্ৰুতগতিত বৃদ্ধি কৰিলে। দিবাস্বপ্নৰ দৰে তাক চকিত কৰি হেৰাই যোৱা ছোৱালীজনীৰ কথা আদিত্যই সুধিবলৈ আৰম্ভ কৰিছে। আদিত্যৰ সৈতে অনিৰুদ্ধৰ সম্বন্ধ পিতা পুত্ৰতকৈ

বেছি বন্ধুৰ দৰেহে, সেয়েহে আজি আদিত্যই দেউতাকক তেনেকৈ দেখি বেছ আমোদ পাইছে।

বিচ্ছুৰিত বৰ্ণালী » ৮৩