পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : মই আগতে গৈছিলোনে?

 : গৈছিলা। তেতিয়া তুমি তেনেই সৰু আছিলা

 : অ! আদিত্যই যেন কিবা মনত পেলাবলৈহে যত্ন কৰিলে। তাৰ পিছত ক’লে মই পুডুচেৰী সৰুতে অহাৰ এখন ফটোও ঘৰত নাই যে?

 : পুৰণি লেপটপত সকলো আছিল, সেইটো বেয়া হৈ যোৱাৰ বহু স্মৃতি হেৰাই গ’ল অ।—অনিৰুদ্ধই ক’লে।

 টেক্সীখন বিছ মিনিটমান যোৱাৰ পিছত অৰ’ভিলে পালেগৈ। অৰভিলে হৈছে ঋষি অৰবিন্দ আৰু ফৰাচী মহিলা মাডাৰৰ যুটীয়া সৃষ্টি। যোৱাবাৰ আহোতেই অনিৰুদ্ধৰ শান্ত সৌম্য পৰিৱেশৰ অ’ৰভিলে খুউব ভাল লাগিছিল। সিহঁতে দুইহাজাৰ পাঁচ চনত আহিছিল। তেতিয়া মাতৃ মন্দিৰৰ নিৰ্মাণ চলি আছিল। অৰবিন্দই তেতিয়াই ভাবিছিল, মাতৃ মন্দিৰ নিৰ্মাণৰ পিছত সি এদিন এই মন্দিৰটো চাবলৈ আহিব।

 ইণ্টাৰনেটত সি মাতৃ মন্দিৰৰ বিষয়ে বহু কথা পঢ়িছে। মানৱ ধৰ্মৰ উপাসনাৰ কেন্দ্ৰ এই মন্দিৰৰ ধাৰণাটো তাৰ ভাল লাগে। সঁচাকৈয়ে আজি সকলো ধৰ্মৰ উৰ্দ্ধত গৈ মানৱতা আৰু শান্তিৰ আৰধনা কৰাটো বেছি প্ৰয়োজন হৈ পৰিছে। অৰভিলেত আহিহে অনিৰুদ্ধ বিপাঙত পৰিল। আগতীয়া বুকিং নোহোৱাৰ বাবে তাক মন্দিৰৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া নাই। কেইদিনমানৰ আগলৈকে এইটো নিয়ম নাছিল, লগে লগে অনুমতি লৈ দেখাব পাৰিছিল। এসপ্তাহমানৰ আগৰ পৰাহে আগতীয়া বুকিঙৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। সেইবাবে অনিৰুদ্ধই ইণ্টাৰনেটতো কথাটো গম নেপালে। যোৱা কিছুদিন ধৰি সি এইবিলাক চাবলৈ সময়েই পোৱা নাছিল।

 বহু সময় অনিৰুদ্ধ কাউণ্টাৰতে থিয় হৈ থাকিল। আদিত্যই ইফালে সিফালে গৈ ফটো তুলি আছিল। কাউন্টাৰৰ লোকজনে সি তেনেকৈ ৰৈ থকা দেখিয়াই নেকি চাগৈ ক’ৰবালৈ ফোন লগালে। ফৰাচী ভাষাতে কথা পতা যেন লাগিল। একো মাথামুণ্ড বুজি নেপালে অনিৰুদ্ধই। সি অকৰাৰ দৰে মানুহজনলৈ চালে। মানুহজনে ফোনটো থৈ গম্ভীৰ স্বৰেৰে ক’লে।

 : আপুনি অকলে আহিছেনে?

 : হয়!হয়! অনিৰুদ্ধ উৎসাহিত হৈ উঠিল। ভিতৰলৈ মই অকলেই যাম। সি মানুহজনলৈ চাই ক'লে।

 : অ কে! এইখন পাছ লওঁক! অনিৰুদ্ধলৈ এখন পাছ আগবঢ়াই ক’লে উপাসনা গৃহৰ এখন আসন খালী আছিল, আপোনাৰ আগ্ৰহ দেখি নিদিয়াকৈ নোৱাৰিলো। মানুহজনে হাঁহি হাঁহি ক’লে।

 অনিৰুদ্ধই মানুহজনক এগালমান ধন্যবাদ দি পাছখন খামোচ মাৰি ধৰি আদিত্যৰ ওচৰলৈ আহিল। আদিত্য প্ৰাৰ্থনা গৃহৰ ভিতৰত নাযায়। সি অহাৰ আগতেই অনিৰুদ্ধৰ আগত চৰ্ত ৰাখিছিল। সি যতেই যায়, তাক যেন মুক্ত মনেৰে বিচৰণ কৰাৰ আৰু ফটো তোলাৰ স্বাধীনতা দিয়া যায়। মাতৃ মন্দিৰৰ অৰ্ন্তভাগত ফটো তোলা নিষিদ্ধ, সেয়েহে আদিত্যই ভাল নাপায়।

 অনিৰুদ্ধ শাৰী পাতি থিয় হৈছে। শৃংখলাবদ্ধ ভাৱে বিদেশী আৰু ভাৰতীয় লোকৰ সেই শাৰীটো ভিতৰলৈ সোমাই গ’ল। অনিৰুদ্ধই মন্দিৰৰ অৰ্ন্তভাগৰ কাৰুকাৰ্য্যলৈ অবাক হৈ চাই ৰ’ল। মানুহৰ হাতৰ

কি অপৰূপ পৰশ। মাদাৰৰ কল্পনা আৰু অচিনাকি স্থপতিবিদৰ কাৰিকৰী দক্ষতাক সি হৃদয়েৰে প্ৰণিপাত জনালে।

বিচ্ছুৰিত বৰ্ণালী » ৮২