পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছুড লিভ! প্লিজ মােৰ জোতাযোৰ আনা।—সি ব্যস্ত হৈ উঠিল। নিজকে হত্যা কৰি পেলাইছে। সি। সি যি অপৰাধ কৰিছে তাৰ-ফল সি জীৱনত তিলতিলকৈ ভােগ কৰিবলৈ প্ৰস্তুত, মাথাে সি শ্বেমিমক, তাৰ প্ৰিয়তমা নাৰী অকণো অসুখী দেখিব নোখোজে৷ তাই সুখী হওক৷

 শ্বেমিমে তাৰ বুকুৰ মাজলৈ আৰু চাপি আহিছে। তাৰ ডিঙিত আঁকোৱালি ধৰা তাইৰ হাত দুখন সি লাহেকৈ আঁতৰাই দিলে। তাৰ পিছত তাইৰ দুবাহুত আলফুলে ধৰি সি চোফাখনত বহুৱাই দি সি নিজে অন্য এখন ছােফাত বহি পৰিল। বৰ ভাগৰ লাগিছে তাৰ। তাৰ মন গৈছে সিও যেন এতিয়া প্রচণ্ড জোৰেৰে কান্দিব। অতদিনে তাৰ বুকুৰ মাজত শিবিৰ পতা যন্ত্রণাবােৰ ধুই মচি নিকা কৰি পেলাব তাৰ অশ্রু প্লাবনে। তাৰ মুক্ত দুবাহুত সাৱটি ল’ব শ্বেমিমৰ ভাগৰুৱা দেহ! তায়াে জানাে তাৰ নির্দয় প্রত্যাখ্যানৰ পাছত কম যন্ত্রণা পাই আহিছে।

 : শ্বেমিম! কন্ট্রল ইয়ৰ ছেলফ। — সি তাৰ মাতটো যথেষ্ট গম্ভীৰ কৰি তুলিবলৈ যত্ন কৰিলে।

 : প্লিজ! — শ্বেমিমৰ উচুপনি তেতিয়াও নকমা দেখি সি তাই বহা ছােফাখনৰ কাষত থিয় হৈ তাইৰ মূৰত হাত এখন থ’লে। তাইৰ উচুপনি নকমিল। বৰঞ্চ বাঢ়িলহে।

 : শ্বেমিম প্লিজ। সি কৈ উঠিল। মােক দুর্বল কৰি নেপেলাবা। মই ইতিমধ্যে যথেষ্ট ভাগৰুৱা। প্লিজ — মই তােমাৰ ইয়াত আজি থাকি যাওঁ, কিন্তু কন্দা-কটা বন্ধ কৰা। প্লিজ!—সি অনুনয়ৰ সুৰত কৈ উঠিল।


পাঁচ


 বহু দেৰিকৈ সাৰ পালে অনুলেখে। প্রচুৰ মদ খােৱাৰ ফলত তাৰ মূৰটো গধুৰ গধুৰ লাগিছে। ক’ত শুই আছে বাৰু সি। হােটেলত! ওহোঁ। এয়াতো হােটেলৰ ৰূম নহয়। সি ইফালে সিফালে চালে। এইটোতো শ্বেমিমৰ এপার্টমেন্ট। ছিঃ তাইৰেই বে’ড ৰূমত শুই আছে সি।

 : আকৌ ভাৱনাত ডুব গ’লা দেখনাে ! দুটা পেগ বনাই তাই কৈছিল— মদ খােৱাৰ কথা ভাবিছা চাগৈ। চেঞ্জ হৈছোঁ বুইছা। আগৰ শ্বেমিমজনী আৰু নাই। তুমিওতাে আগৰ অনুলেখ নােহােৱা !

 কথাটো সাধাৰণভাৱেই কৈছিল যদিও অনুলেখৰ বুকু ভেদ কৰি কৈছিল। শ্বেমিমে সঁচা কথাকে কৈছে। সঁচা কথাবােৰ সদায়েই চোক সনা হয়।

 ইপেগৰ পিছত সিপেগ মদ পিলে অনুলেখে। শ্বেমিমাে পিছ পৰি থকা নাছিল। ৰাতিৰ আহাৰ সামান্যহে খালে দুয়ােৱে। মদৰ পর্বটো কিন্তু চলি থাকিল বহু সময়! প্রচণ্ড নিচা হৈছিল অনুলেখৰ ছােফাখনতে তাৰ টোপনি আহিছিল। শ্বেমিম এজনীয়া ছােফা এখনত ভালদৰেই শুই পৰিছিল। অনুলেখে ঘড়ী চাই দেখিলে ৰাতি দুই বাজি গৈছে। সি গেষ্ট ৰূমৰ বিছনাখনত শুবলৈ ঢলং-পলংকৈ উঠিছিল।

 : শ্বেমিম! শ্বেমিম! সি কোনােমতে মাতিছিল। এইজনী ৰাতিটো ইয়াতেই পৰি থাকিব। তাই তেনেকৈ সাৰ নােপােৱাত সি তাইৰ গাত ধৰি জোকাৰি দিছিল।

 বাগৰ এটা মাৰি শ্বেমিম আকৌ শুই পৰিছিল। মুখেৰে বিৰবিৰাই কৈছিল— ইউ শ্লিপ ডাউন অনুলেখ। আই ছ’ টায়ার্ড।

 : তুমি বিছনাত শােৱাগৈ শ্বেমিম! সি তাইক জোৰ কৰি উঠাবলৈ যত্ন কৰিছিল। তাই দুহাতেৰে

বিচ্ছুৰিত বর্ণালী >> ৭১