পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জালত বন্দী কৰিছিল। এতিয়া যিহেতু সি কোম্পানীৰ চাকৰি তথা কেৰিয়াৰ লৈ ব্যস্ত, কোনাে ছােৱালীকে দিবলৈ তাৰ সময় নাই। গতিকে তাই যেন তাৰ জীৱনৰ পৰা আঁতৰি গৈ তাক মুক্ত কৰি দিয়ে।

 কিমান মিছা মাতিছিল সি। অথচ তাৰ এই মিছাকে কঠোৰ সত্য বুলি প্রতীয়মান কৰিব লগা হৈছিল শ্বেমিমৰ ওচৰত। শ্বেমিমৰ বাবে এনে অকল্পনীয় আচৰণ সহ্য কৰিবলৈ চাগৈ কিমান কঠিন হৈছিল। কথাটো ভাবি অনুলেখৰ বুকুখন প্রচণ্ড জোৰে বিষাই উঠিল।

 শূন্য গিলাচটো চকুৰ আগত দাঙি ধৰি আনুলেখ বৰ আবেগিক হৈ উঠিল। তাৰ ভৰপূৰ জীৱনটো কেনেকৈ শূন্যতাৰে বুৰাই পেলালে। অথচ সি তাৰ জীৱনটোক লৈ কিমান সপােন আঁকিছিল। সকলােকে সুখী দেখিব খুজিছিল সি। আনক সুখী কৰিবলৈ সি নিজকে প্রচণ্ড অসুখী কৰি গঢ়ি তুলিব লগা হৈছিল। অথচ এতিয়া তাৰ প্ৰাণতকৈও মৰমৰ ভনীয়েকজনীয়েও তাৰ এটা খবৰ নলয়৷ মাক-দেউতাকৰ কথাটো সি বাদেই দিছে। সি যে সকলােৰে অস্পৃশ্য। অনাদৃত আৰু অনভিপ্রেত ! অথচ সেইবিলাক মানুহকে সি আজিও প্ৰচুৰ ভাল পায়, যিয়ে এতিয়া তাক পূৰামাত্রাই ঘৃণা কৰে। আস্, কি দুঃসহ সময়।


তিনি

 বৰ নাটকীয় আছিল ঘটনাটো। জীৱনটোৱেই হেনাে এখন জটিল নাটক আৰু প্ৰতিজন মানুহ মাত্র ভাৱৰীয়া। কথাটো তেনেকৈ ভাবিলে অনুলেখৰ অভিনয় যেন মাথোঁ এক ব্যর্থতা। কেতিয়াৰ পৰা আৰম্ভ হ’ল তাৰ ব্যর্থ অভিনয় ? সি বুজি নাপায়। কিন্তু তাৰ ভুল অভিনয়ে তাৰ বাবে নমাই অনা কৰুণ পৰিণতিৰ সৈতে সি মুহুর্মুহু চিনাকি। অন্য মানুহে হাজাৰ বছৰ আয়ুস বিচাৰি ভগৱানৰ কাষত প্রার্থনা কৰাৰ সময়ত অনুলেখৰ জীৱনৰ প্ৰতিটো দিন হৈ উঠিছে বিৰক্তিকৰ বাবে দীঘলীয়া। জীৱনৰ প্রতি তাৰ কোনাে স্পৃহাতো নায়েই, বৰঞ্চ সি মৃত্যুৰ বাবেহে অধীৰ হৈ উঠিছে। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰাৰ সুযােগ যিহেতু একেটা জনমত পাব নােৱাৰি, তেনেস্থল এই পৰিত্যক্ত জীৱনটো লৈ জীয়াই থকাৰো কোনাে প্রয়ােজন নাই। সি ভাবে। অসম্ভৱভাৱে সি জন্মান্তৰবাদী হৈ উঠে। অন্ততঃ পৰজনমত সি জীৱনটোৰ প্ৰতিটো কেলকুলেচন নিখুঁতভাৱে কৰাৰ চেষ্টা কৰিব, এই কথাটো লৈ সি প্রায় প্রতীক্ষা এটাকে কৰি পেলাইছে।

 নিখাঞ্জৰ সৈতে পূবালীমাৰ বিয়াখন ঠিক হৈ যােৱাৰ পাছত অনুলেখৰ গা সাতখন আঠখন হৈ উঠিছিল যেন। একমাত্র ককায়েকটো হৈ মৰমৰ ভনীয়েকজনীৰ বিয়াখন ধুমধামেৰে পাতিবলৈ সি গাধৰ দৰে খাটিছিল। তেতিয়া সি গুৱাহাটীতে কোম্পানী এটাত কাম কৰিছিল, শ্বেমিমে চাকৰি কৰিছিল মুম্বাইৰ কোম্পানী এটাত। সি শ্বেমিমকো তাৰ ভনীয়েকৰ বিয়াত কাম কৰি সহায় কৰিবলৈ মাতিছিল। তাইহে তাক ধমক দিলে। কি যে কোৱা! মই তেনেকৈ তােমালােকৰ ঘৰত থাকিলে বাৰু মানুহে কি বুলি ভাবিব ?

 : ঠিক আছে। ঠিক আছে। তুমি ৰিং চেৰিমনিৰ দিনা কিন্তু আহিবই লাগিব। ৰিং চেৰিমনিৰ পােন্ধৰ দিনৰ পিছতে বিয়া, গতিকে তুমি কোম্পানীৰ পৰা যেনে তেনে পােন্ধৰ দিনৰ ছুটী মঞ্জুৰ কৰাই লােৱা।

 : পােন্ধৰ দিন!— শ্বেমিমে ফোনতে চিঞৰি দিছিল। ইমানদিনৰ ছুটী এপ্লাই কৰিলে বছে মােৰ জান

খাই দিব।

বিচ্ছুৰিত বর্ণালী » ৫৭