পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অনুলেখৰ ছামাদলৈ বেয়া লাগি গ’ল। বেচেৰাটোৰ মনটো সঁচাকৈ মৰি গ’ল। যিমান উৎসাহেৰে সি তাৰ বিয়াৰ বাবে ঠিক কৰি ওলােৱা ছােৱালীজনীৰ কথা কৈছিল, সিমান হতাশাৰে শুভেন্দু আৰু মনজিতৰ ’কুমাৰীত্ব’ৰ ওপৰত চলা অনর্গল বক্তৃতা শুনিলে। শুভেন্দু আৰু মনজিৎ দুয়ােটাই বাহিৰৰ জগতৰ সৈতে চিনাকি হৈছে। ছামাদো বাহিৰত থাকি পঢ়া-শুনা কৰা ল’ৰা। কিন্তু সি এতিয়াও যথেষ্ট সৰল।পৃথিৱীখনৰ বহু কুটিলতা যেন এতিয়াও সি বিশ্বাস কৰিব পৰা নাই।

 অনুলেখে ভাবিলে মনজিৎ আৰু শুভেন্দুৰ কথাবােৰত যুক্তি আছে। সংখ্যাত কম হ’লেও আজিকালি এজাক উশৃংখল ল’ৰা-ছােৱালীৰে যে শিক্ষানুষ্ঠানবিলাক কম-বেছি পৰিমাণে ভৰি পৰিছে, সেই কথা কোনােপধ্যেই অস্বীকাৰ কৰিব নােৱাৰি। হােষ্টেলত থাকোঁতে সি নিজেই দেখিছে কিছুমান ছােৱালী হােষ্টেলৰ কেইটামান নির্দিষ্ট ৰূমলৈ প্ৰায়েই আহে। যিবিলাকৰ হােষ্টেলৰ ৰূমবােৰ দুজনীয়া, সেইবিলাক হােষ্টেলত এই ঘটনাটো বেছিকৈ ঘটে। ইউনিভাৰচিটিত পঢ়া সুশিক্ষিতা মেধাৱী এই ছােৱালীবােৰ প্রেমিকক লগ ধৰিবলৈ আহি পুৱাতে যি ৰূমত সােমায়, সন্ধিয়াহে বাহিৰলৈ ওলায়। প্রেমিমকজনৰ ৰূমমেটজন এনেকৈ প্রেমিকা অহাৰ পাছত দিনটোৰ বাবে অন্য ক’ৰবালৈ ওলাই যাব লগা হয়। তাৰ পিছত সেই প্রেমিক-প্রেমিকাই কোঠাৰ দুৱাৰ দিনটোৰ বাবে হুক লগাই বন্ধ কৰি লয়। তাৰ পাছত? তাৰ পাছত আৰু ভৰপুৰ যৌৱনপুষ্ট এহাল ল’ৰা-ছােৱালীয়ে কেৱল প্ৰেমৰ কথাই পাতেনে? ওহাে, অনুলেখৰ বিশ্বাস নহয়। কেৱল প্রেমৰ কথা পাতিবলৈ কোঠাৰ দুৱাৰ দিনটোৰ বাবে হুক লগাই বন্ধ কৰাৰতো নিশ্চয় প্রয়ােজন নহয়।

 বিশ্বাস, সততা আদি মানৱীয় মূল্যবােধবােৰৰ এনে বৰ্বৰ হত্যাকাণ্ড অনুলেখৰ সহ্য নহয়। সি এনে বহু বেপেৰুৱা ছােৱালীক দেখিছে, যি ইউনিভাৰচিটি অথবা কলেজ জীৱনত বহু ল’ৰাৰ সৈতে দেহৰ খেল কৰি যােৱাৰ পিছৰ বছৰতে এজন সম্ভ্রান্ত স্বামীৰ লগত দামী গাড়ীত বহি ইউনিভাৰচিটি অথবা কলেজ চৌহদত এপাক মাৰি নিজৰ সৌভাগ্যৰ চানেকি দি যায়হি। অনুলেখে যেতিয়া এইচৰিত্ৰহীন কলগার্লবােৰৰ শিৰত সেন্দুৰৰ পবিত্র দগমগীয়া শােভা দেখিবলৈ পায়, তাৰ সৰ্বশৰীৰ জ্বলি উঠে। কিন্তু সি কি কৰিব পাৰে। সকলােৱেইতাে মানৱীয় মূল্যবােধক কবৰ দিবলৈ উঠি পৰি লাগিছে।

 মনজিৎ আৰু শুভেন্দুৰ কথাত ছামাদ পতিয়ন গৈছিল। সি কথা দিছিল তাৰ হ’বলগা কইনাজনীৰ বিষয়ে বিশেষ নজনাকৈ সি বিয়াৰ বাবে সন্মতি নিদিয়ে। কোনাে পতিতা নাৰীৰ সৈতে সি সম্বন্ধ গঢ়িব নােখােজে। ভাৰতবৰ্ষ এতিয়াও আমেৰিকা হৈ যােৱা নাই, সমাজত এইবার্তাটো চিৰ সজীৱ কৰি ৰাখিবলৈ হ’লে প্রত্যেকজন যুৱক-যুৱতীয়েই কিছুমান নির্দিষ্ট কর্তব্য সম্পাদন কৰিব লাগিব। ভাৰতীয় পৰম্পৰাৰ বিৰুদ্ধে গৈ দেহৰ শুচিতা নষ্ট কৰা ছােৱালীবোেৰক শিক্ষা দিবলৈ প্ৰতিজন বিবহােপযুক্ত যুৱক সচেতন হ’ব লাগিব। সেইদৰে চৰিত্ৰৱতী যুৱতীবােৰেও এনে বেপেৰুৱা যুৱকক বিয়া নকৰাই উচিত শিক্ষা দিব পাৰে।

 অনুলেখ বাৰু বেছি ৰক্ষণশীল নেকি? ছামাদৰ কথা ভাবি ভাবি হঠাৎ সি নিজলৈ ঘূৰি আহিল। সি কিয় অইনে সহজে গ্রহণ কৰা বহু পৰিবৰ্তন গ্ৰহণ কৰিবলৈ টান পায়? সি কিয় মানৱীয় মূল্যবােধৰ পাছত ইমানকৈ লাগি থাকে। সিনাে নিজেই কিমান শুদ্ধতাৰে চলিব পাৰিলে? মানুহহেতাে তাক এটা মিছলীয়া আৰু প্রবঞ্চক বুলিয়েই জানে। অইনে নালাগে তাৰ নিজৰ মাক-দেউতাকেই তাক আজিকালি ঘৃণা কৰে।

ঘৃণা ! আহ্ কি ভয়ানক যন্ত্রণা।

বিচ্ছুৰিত বর্ণালী » ৫২