পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগতে মাত্র এম বি এ কৰি ওলাইছে। অনুলেখৰ দৰে জীৱন যুদ্ধত চেপা-খুন্দা খাই ভাগৰি যাবলগা হােৱা নাই। জীৱনটোৰ পৰা সিহঁতৰ আশাও বহুত বােজা। যিকোনাে মুহূর্ততে সজীৱ কৰি ৰাখিব পৰা স্ফুৰ্তিবাজ মনজিতে ছামাদৰ কাণৰ কাষত গৈ চিঞৰিছিল — মাই গুডনেছ, মৰিব খুজিছা ? আজিকালিৰ ল’ৰা হৈ হ’বলগা কইনাৰ বিষয়ে নজনা-নুশুনাকৈ বিয়াত বহিব খুজিছা ! শ্বাচ এ ডেড্লি ব্লাডাৰ।

 ছামাদ অলপ সহজ-সৰল ল’ৰা। সি অঁকৰাৰ দৰে এবাৰ মনজিৎ আৰু এবাৰ শুভেন্দুলৈ চাইছিল। ইহঁত দুটাই তাক কেনেকৈ আচৰিত জন্তু এটা চোৱাৰ দৰে চাইছে।

 : হি ইজ ইট ছামাদ। শুভেন্দুৱে এইবাৰ আৰম্ভ কৰিছিল- মনজিতে একেবাৰে সঁচা কথা কৈছে। তুমি বাৰু সঁচাকৈ হ’বলগা কইনাৰ বিষয়ে একোকে নাজানা নেকি?

 : সঁচাকৈ নাজানাে ভাই। মিছা মাতিম কিয় ?— ছামাদে অনুলেখৰ ফালে চাই ক’লে।

 : তুমি জনা উচিত। বিচাৰকৰ দবে মন্তব্য কৰিছিল। অনুলেখে। আচ্ছা কোৱাচোন, বিয়া পাতিবৰ বাবে তুমি কেনেকুৱা ছােৱালী এজনী বিচাৰা ?

 : কেনেকুৱা হ’ব লাগে আৰু! অকণমান ভাবি ছামাদে উত্তৰ দিছিল কিউট, কেয়াৰিং এণ্ড হ’মলি।

 : এণ্ড হােৱাট এবাউট ভার্জিনিটি? কুমাৰীত্ব নহ’লেও চলিব? অনুলেখে কিবা এটা কোৱাৰ আগতেই মনজিতে ছামাদলৈ তীব্র দৃষ্টিৰে চাই প্রশ্ন কৰিছিল।

 : ছিঃ কি যে কোৱা! ছামাদৰ যেন লাজ লাগি গৈছিল।

 : কি কোৱা মানে? শুভেন্দুৱে টপৰাই কৈছিল— এইবিলাক আজিকালি একদম ফেক্ট। প্রেকটিকেল সঁচা কথা। শুভেন্দু ছামাদৰ বিছনাতে লেপেটা কাঢ়ি বহি লৈছিল। অনুলেখে বুজিলে এতিয়া ভার্জিনিটিৰ ওপৰত দীঘলীয়া বক্তৃতা এটা আৰম্ভ হ’ব।

 : জানানে ছামাদ! আজিকালি বহু ছােৱালীয়েই ঘৰৰ বাহিৰত থাকি পঢ়িবলৈ আহি নষ্ট হৈ গৈছে। অভিভাৱকৰ কঢ়া শাসনৰ পৰা হঠাৎ মুক্তি পাই যােৱা এই ছােৱালীবােৰে অত্যাধুনিক হ’বলৈ গৈ সহজেই কিছুমান দুষ্ট চতুৰ ল’ৰাৰ ফান্দত ভৰি দিয়ে। বিবাহৰ পূর্বেই দুই-তিনিবাৰ নাৰ্ছিংহােমৰ ৰূম গচকেগৈ ! মনজিতে ক’লে এইবাৰ।

 : নাৰ্ছিং হােম। ছামাদৰ যেন বিস্ময়ৰ অন্তই নপৰিব। নাৰ্ছিং হােমলৈ আক’ কিয় যায় ? তাৰ অবাক প্রশ্ন।

 : তুমি যে একদম ৰ’ হৈ আছা। যেন পকা ফল এটা দিলেও বাকলি গুচাই খাব নােৱাৰিবা। শুভেন্দুৰ ৰসিকতাত ছামাদক ধৰি অনুলেখ আৰু মনজিতেও হাঁহিলে।

 : শুনা ছামাদ। হাঁহি সামৰি মনজিতে ক’লে— বি ছিৰিয়াছ। আমি তােমাক ধেমালি কৰি কোৱা নাই। আজিকালি ইউনিভাৰচিটি, কলেজত বিশেষকৈ হােষ্টেলত থাকি পঢ়া ছােৱালীৰ মাজত নাৰ্ছিং হােমত এবৰচন কৰাবলৈ যােৱা ছােৱালীৰ সংখ্যা মুঠেই কম নহয়। বুদ্ধিমানবােৰে প্রেগনেন্ট নােহােৱাকৈও শৰীৰৰ খেলা খেলিয়েই থাকে। চোৱা, অসমতেই এই অৱস্থা। অসমৰ বাহিৰত পঢ়িব যােৱা এচাম ছােৱালীহতাে এৰাল নােহােৱা ছাগলিৰ নিচিনা অৱস্থা। বহুতেই হেনাে বাহিৰত লিভিং টুগেদাৰ কৰি পাশ্চাত্য সভ্যতাৰ সােৱাদ লয়গৈ। পাছত নিজৰ নিজৰ ঘৰলৈ গৈ মাক-দেউতাকে চাই দিয়া সুযােগ্য অভিজাত দৰাৰ সৈতে বিয়াত বহেগৈ। কেনেকুৱা এক ভয়ানক প্ৰৱঞ্চনা ভাবি চোৱাচোন।

 : অকল ছােৱালীবােৰেই নহয় দেই। শুভেন্দুয়ে যােগ দিলে। ল’ৰাজাকো পিছ পৰি থকা নাই।

ছামাদ তােমাৰাে তেনেকুৱা কিবা ‘লাফ্ ৰা’ আছিল নেকি আকৌ। —সি কটাক্ষ এৰিলে।

বিচ্ছুৰিত বর্ণালী >> ৫১