পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাই ভালে আছেতাে?

 : নাই! — ৱাৰ্ডেনগৰাকীয়ে এইবাৰ নিঃসহায়ভাৱে কৈছিল, কালি ভূঁইকঁপ হােৱাৰ কিছু সময় আগৰে পৰা এৰিষা আৰু তাইৰ ৰূমমেট মিচু নামৰ ছােৱালীজনী নিৰুদ্দেশ হৈ আছে। মিঃ দত্ত, মই কথাটো ভাবিয়েই পােৱা নাই। কালিৰে পৰা আমাৰ মানুহে তাহাঁতক বিচাৰি আছে।

 : কি! ঋষিতৰ মুখৰ তীব্ৰ চিৎকাৰ এটা বাহিৰ হৈ আহিল।

 পগলাৰ দৰে ঋষিতে দৌৰি দৌৰি আহমেদাবাদ চহৰখন ঘূৰিছিল। চহৰৰ একাংশ অট্টালিকা ভগ্নস্তুপ হৈ মাটিত দম হৈ পৰি আছিল। ভগ্নস্তুপৰ ওপৰে ওপৰে বগাই সি এৰিষা আৰু মিচুক বিচাৰিছিল। তাৰ পিন্ধা কাপােৰ অ’ত ত’ত লাগি ফালি চিৰি গৈছিল। সেইবােৰলৈ চকু দিবলৈ তাৰ আৰু আহৰি নাছিল।

 জোৱান এজনে আহি ঋষিতক ছেলুট কৰিলে। ঋষিতে প্রতি অভিবাদন জনালে। তালৈ কিবা এটা মেছেজ আছিল। জোৱানজনৰ পৰা সি ৱায়াৰলেছটো লৈ কথাখনি শুনি নােট কৰি থ’লে।

 শুভ্র বৰফৰ ৰাজ্য চিয়াচেনত আজি সূৰ্য্যটো অকণমান দেখা গৈছে। সূৰ্য্যৰ কিৰণ পৰি বৰফৰ । চূড়াবােৰ আইনা এখনৰ দৰে জিলিকিছে। ঋষিতে চাই থাকিল। এৰিষায়াে পাহাৰ খুউব ভাল পাইছিল। তাই আজি তাৰ সৈতে থকা হ’লে! চিয়াচেনলৈ বাৰু তাই আহিলহেঁতেননে। কথাটো এনেয়ে ভাবি হাঁহি উঠি গ’ল তাৰ।

 ঋষিতে এটা দিন অবিশ্রান্তভাৱে ঘূৰি ঘূৰি এৰিষাৰ ৰূমমেট মিচু নামৰ ছােৱালীজনীক ভগ্নস্তুপ এটাৰ ওপৰত বহি কান্দি থকা দেখা পাইছিল। এৰিষাৰ লগত আগতেও তাইক সি লগ পাইছে। মিচুক দেখিয়েই ঋষিতে ভাবিছিল, নিশ্চয় সি এৰিষাক পাই গৈছে। এৰিষা আৰু মিচুও সিদিনা একেলগে আহিছিল।

 : মিচু ! সি পগলাৰ দৰে চিঞৰি দৌৰি গৈছিল তাইৰ ফালে।

 : ঋষিদা! মিচু হতবাক হৈ গৈছিল। তাৰ পিছত তাই ঋষিতৰ বুকুত সােমাই প্রচণ্ড জোৰত কান্দিবলৈ আৰম্ভ কৰিছিল।

 : মিচু ! তাইৰ মূৰটো তাৰ বুকুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি কৈছিল সি— মিচু, কান্দিছা কিয় ? এৰিষা ক’ত?

 তাৰ প্ৰশ্নৰ একো উত্তৰ নিদি মিচুয়ে তাৰ বুকুতে সােমাই মাথোঁ কান্দি আছিল। তাইৰ মূৰটো সি তাৰ বুকুৰ পৰাই আঁতৰাব পৰা নাছিল।

 : এৰিষা নাই।— বহুপৰৰ পাছত মিচুৱে তাক সেই সর্বনাশী সত্যটো জনাইছিল। মূৰ আচন্দ্রাই কৰি আহিছিল ঋষিতৰ। চিৎকাৰ কৰিবলৈও তেতিয়া তাৰ গাত শক্তি নাছিল। মিচুৰ কঁপি থকা শৰীৰটো

সাৱটি সি মাথোঁ বহি পৰিছিল, হাজাৰ মৰাশৰে ভৰি পৰা আহমেদাবাদ চহৰৰ ভগ্নস্তুপ এটাৰ ওপৰত।

বিচ্ছুৰিত বৰ্ণালী >> ৪০