যাওতে ঋষিতৰ এৰিষাৰ লগত বন্ধুত্ব হৈছিলগৈ। তাই তাতকৈ তিনি বছৰ জুনিয়ৰ আছিল। তাই চহৰৰে ছােৱালী স্কুলখনৰ ছাত্ৰী আছিল। সেইখন স্কুলতে আকৗ ঋষিতৰ মাকে চাকৰি কৰিছিল। তাইৰ আৰু ঋষিতৰ বন্ধুত্ব গঢ়ি উঠাত সেই কথাটোৱেও কিছু সহায় কৰিছিল।
এৰিষাৰ মাকৰ সৰুতেই মৃত্যু হৈছিল। ঘৰখনত ৰহমান খুড়া আৰু এৰিষাৰ বাদে তৃতীয়টি প্রাণী বুলিবলৈ কাম কৰা মানুহ এজনী থাকিছিল। সৰুৰে পৰা সংগবিহীনভাৱে কটোৱা বাবেই চাগৈ এৰিষাৰ মনটো ভয় আৰু আতংকৰে ভৰা আছিল। ৰহমান খুড়াৰ এডভেন্সাৰাছ কামবােৰ তাই সমূলি ভাল পােৱা নাছিল। তাই প্রায়েই কৈছিল পাহাৰ বগােৱাটো হেনাে কাম নােহােৱা মানুহৰ কাম। ঋষিতৰ সৈতে বন্ধুত্ব গঢ়ি উঠাৰ পাছত এদিন তাই কৈছিল— এই ঋষিদা, কথা এটা কওঁ শুনিবা।
: শুনিব পৰা হ’লে শুনিম বাৰু। সি কৈছিল, চকলেট-টকলেট লাগে নেকি আক’! মােৰ হ’লে পইচা নাই দেই।
: ইঃ যােৱা । সদায় ধেমালি কৰি থাকা। তাই মুখ ওফোন্দাইছিল।
নকৰোঁ বাৰু! –ঋষিতে গম্ভীৰ হৈ কৈছিল — কোৱাচোন বাৰু।
: আগতে কোৱা শুনিবা বুলি।
: ক’লোঁৱেই দেখােন পৰা হ’লে শুনিম বুলি।
পাৰিবাই নহয়। তুমি নােৱাৰা কথানাে মই ক’ম কেলেই। তাই লাগি আছিল।
: এহ। শুনিম দিয়া! নভবা নিচিন্তাকৈ কৈ দিছিল ঋষিতে। এইজনীয়েনাে কি ক’ব আৰু খুউব বেছি ভিডিঅ’ বা অডিঅ’ চিডি দুটামান দুদিনমানৰ বাবে খুজিব। ঘৰতেই আছে। দি দিব সি। মনতে ভাবিলে ঋষিতে।
: শুনিবা ? প্রমিজ? কোৱা৷ এৰিষাৰ দুচকু উজ্জ্বলি উঠিছিল।
: প্রমিজ। ঋষিতে কৈছিল।
: কোৱা, তুমি এই ক্লাবটো এৰি দিবা ?
: কি! ——ঋষিত আচৰিত হৈছিল।⸻
ক্লাবটো আক’ কিয় এৰিব লাগে। কথাটো তােমাক তােমাৰ দেউতাই ক’বলৈ কৈছে নেকি।⸺ এক মুহূর্ত ভাবি সি উত্তৰ দিছিল।
: দেউতাই আক’ কিয় ক’ব? তাই কৈছিল।⸺ চোৱা ঋষিতদা, কথাটো ময়েই কৈছোঁ। তুমি এই পাহাৰ-চাহাৰ বগাই জীৱনটো বাজী লগােৱা কামটো মই ভাল নাপাওঁ। গতিকে কৈছোঁ এইবােৰ এৰি দিয়া। মােৰ ভয় লাগে।
: ধেৎ৷ —ঢেকঢেকাই হাঁহি দিছিল ঋষিতে।⸻ মই পাহাৰ বগাওঁ৷ তােমাৰ ভয় লাগে। কথাবােৰ কৈ কৈ পুনৰ হাঁহিছিল ঋষিতে। ঋষিতে তাইৰ কথাত তেনেকৈ হাঁহি থকাত এৰিষাৰ খং উঠি গৈছিল। তাই অলপ অপমানবােধ কৰিছিল। তেনেতে ক’ৰবাৰ পৰা ৰহমান খুড়া আহি ওলােৱাত এৰিষা ভিতৰলৈ গুচি গৈছিল। ঋষিতে ৰহমান খুড়াৰ আগত এৰিষাই কোৱা কথাকেইটা কৈ কৈ আক’ পাৰে মানে হাঁহিছিল। তাৰ কথা শুনি ৰহমান খুড়াই মিচিকিয়াই কৈছিল— তাই এনেকুৱাই। মােকো এইবােৰ কৰা কাৰণে খুউব বেয়া পাই নহয়। এতিয়া মােক বলে নােৱাৰি তােমাৰ পিছত লাগিছে।
ইয়াৰ পিছত ঋষিত সিহঁতৰ ঘৰলৈ যাওঁতে এৰিষাই ওলাই আহি তাক নামাতিলে। ঋষিতে কাম কৰা।