ডাক্তৰজনে কি আবােল তাবােল বকি আছে বুলি সি ভাবিছে ছাগৈ।
অনিৰুদ্ধই ভাৱলেশহীন ভাৱে হাঁহিয়েই থাকিল। ৰেচিডেন্ট ডাক্তৰ নায়াৰ আৰু নাৰ্ছ বিলাকে সােধা একো প্রশ্নৰে সি উত্তৰ নিদিলে। নবীনে চিন্তাক্লিষ্ট মুখেৰে এটেনডেন্টৰ বিছনাত বহি আছে৷
আঠমান বাজিছিল হ’বলা। হঠাৎ দুৱাৰ ঠেলি ডাঃ নটৰাজন কেইগৰাকীমান নাৰ্ছৰ সৈতে সােমাই আহিল। অনিৰুদ্ধ জাপ মাৰি বিছনাৰ পৰা নামিল। সি যে এই মুহূর্তটোৰ বাবেই অপেক্ষা কৰিছিল। ডাঃ নটৰাজনে তাক তাৰ স্বাস্থ্যৰ বিষয়ে সুধিলে।
: মই এশ শতাংশ সুস্থ ছাৰ। অনিৰুদ্ধই তপৰাই কৈ উঠিল। ডাঃ নটৰাজনৰ লগত অহা নাৰ্ছ কেইগৰাকী আৰু ৰেচিডেন্ট ডাক্তৰ আচৰিত হ’ল। অলপ আগতে অস্বাভাবিক আচৰণ কৰা অনিৰুদ্ধ হঠাৎ ভাল হৈ গ’ল কেনেকৈ?
: কিন্তু মইতাে শুনিছিলাে আপােনাৰ স্বাস্থ্য ভাল নহয়। ডঃ নটৰাজনে এবাৰ তাৰ ফালে আৰু এবাৰ নাৰ্ছকেইগৰাকীৰ ফালে চাই কৈছে৷
: হয় চাৰ! নার্চ এগৰাকী সেহাই উঠিল।
: চাৰ ! অনিৰুদ্ধই সপ্রতিভভােৱে ক’লে, মই আপােনাৰ সৈতে পাঁচ মিনিট অকলে কথা পাতিব পাৰোনে?
ডাঃ নটৰাজনে নাৰ্ছ আৰু ৰেচিডেন্ট ডাক্তৰৰ ফালে চালে। অনিৰুদ্ধই নিজে নবীনক চকুৰ ইংগিতেৰে বাহিৰলৈ যাবলৈ ক’লে। নাৰ্ছ কেইগৰাকীয়ে অনিৰুদ্ধৰ ফালে অলপ সন্দেহৰ দৃষ্টিৰে চাই ক’লে, কিন্তু চাৰ!
: অ কে! লিভ দ্য ৰুম! ডাঃ নটৰাজনে যেন অনিৰুদ্ধক বিশ্বাস ল’ব পাৰিছে। বাকীসকল ৰূমৰ পৰা ওলাই গ’ল। অনিৰুদ্ধই ডাক্তৰক চকীখনত আথে বেথে বহিবলৈ দিলে। ডাঃ নটৰাজন নবহিল।
: চাৰ! মই সম্পূর্ণ সুস্থ আছাে। অনিৰুদ্ধই ক’লে। আপােনাৰ মই পুৰণি ৰোগী, আপুনি মােৰ ইতিহাস জানে। মােৰ এই ৰােগটোৰ লগত মােৰ জীৱনৰ এটা ট্রেজেদি ওতঃপ্রোতভাৱে জড়িত আছে, সেই কথাও আপুনি জানে।
ডাঃ নটৰাজনে অনিৰুদ্ধৰ ফালে একেথৰে চাই ৰ’ল।
: আপােনাক তৎক্ষণাৎ লগ পাবৰ বাবে মই কিছু অস্বাভাৱিক আচৰণ কৰিছিলাে। নহ’লে যে চাৰ আপােনাক কাইলৈ দুপৰীয়াৰ আগতে লগ পােৱা সম্ভৱ নাছিল। কিন্তু আজি মই জীৱনৰ যি চৰম সত্যৰ মুখামুখি হ’লাে তাৰ পিছত মই আপােনাক লগ পােৱালৈ এটা ৰাতি অপেক্ষা কৰিলে মই কিজানি সঁচাকৈয়ে পাগল হৈ যাম।
: আপুনি মােক কিয় লগ পাব বিচাৰিছিল ?
—গভীৰ দৃষ্টিৰে তাৰ ফালে চাই ডাক্তৰে সুধিছে।