পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৭)

কিবা বস্তু আছে বুলি সফুৰা মেলিলা।
এক দিব্য কন্যা পাছে তাহাত দেখিলা॥
তাঙ্ক দেখি মন্দোদৰী বিস্ময় ভৈলন্ত।
এই কন্যাপাই স্বামী আমাক নলন্ত॥
মায়াৱন্ত নাৰী এই জানিলো নিশ্চয়।
ৰাত্ৰি ভৈলে স্বামী সঙ্গে আনন্দে থাকয়॥
আমাক নাদৰে ৰাজা এই সঙ্গ পাই।
দিন ভৈলে সফুৰাত বান্ধিয়া থৱই॥
এহি বুলি পটেশ্বৰী ক্ৰোদ্ধে জলিলন্ত।
দাসী সমস্তক মাতি সঙ্গত লৈলন্ত॥
তেসম্বে সহিতে চলি গৈলা মহাদই।
সাগৰ তীৰক পাইলা সফুৰাক লই॥
সতিনী মৰস বুলি জলে পেলাইলা।
দেখি জল নিধি বৰ আনন্দ লভিলা॥
আনন্দতে গোসানীক জলে লৈয়া যাই।
ঊত্তৰা কুৰুক নিয়া বালি দিয়া থই॥
থৈলা লুপ্ত কৰি তাক নজানিল কেঁৱে।
নিজ স্থানে থাকি জানিলন্ত ব্ৰহ্মাদেৱে॥
তাত পাছে যেন কথা শুনা আৰু বাৰ।
মৃগয়া কৰিয়া আসিলেক লঙ্কেশ্বৰ॥
সফুৰা নাদেখি ৰাজা বিস্ময় ভৈলন্ত।
ঘনে ঘনে ত্ৰাহি ত্ৰাহি মনে উচ্চাৰন্ত॥