পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩০)

সি কাৰণে তিনি, লোকৰ সুন্দৰী
 তাহাঙ্ক সমান ভৈলা॥
চন্দ্ৰৰ সমান, বদন জ্বলয়
 তনু সুকোমল কাই।
ৰূপক দেখন্তে, তিনিয়ো লোকত
 বৰ নাৰী আৰ নাই॥
সেহি সময়ত, আকাশী বচন
 কহিলা আসি সীতাক।
যাৱত নধৰে, ৰাম অৱতাৰ
 তাৱে তপ কৰি থাক॥
সৰ্ব্ব গুণাকৰ, হৈবে অৱতাৰ
 খণ্ডিবে ভূমিৰ ভাৰ।
তত্ত্বক ৰাখিবে, অবতাৰ হুইবে
 ৰাজা দশৰথ ঘৰ॥
তেহেন্তে তোমাৰ, হৈবে নিজ স্বামী
 কহিলোহো সাৰে সাৰে।
এতেক বচন, শুনিয়া গোসানী
 অসংখ্য আনন্দ কৰে॥
বিশ্বকৰ্ম্মত যে, মেলানি মাগিয়া
 শুনিয়োক পিতৃবাক।
হেমন্ত গিৰীত, ময়ো নিয়া মোক
 আশ্ৰম পাতিয়া-থাক॥