পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৬)

তোৰ ভক্তি দেখি, মই হলো সুখী
 কহিলো তোত বিশ্বাস।
কই মোক তই, মনে আছে যেই
 সিদ্ধি হব অভিলাষ॥
শিৱৰ বচন, শুনিয়া ৰাৱণ:
 দণ্ডৱতে প্ৰণামিলা।
কৰযোৰ কৰি,  চৰণত ধৰি
 হৰক কহিবে লৈলা॥
ওহে প্ৰভু দেৱ পদে কৰো সেৱ
 কৃপাকৰা অজ্ঞানী্ক।
তোমাৰ চৰণে, পশিলো শৰণে
 এহি বৰ দিয়া মোক॥
মোহোৰ ভয়ত, তিনিও জগত
 থৰত যেন কাম্পত।
মোৰ সম যেন ইতিনি ভুবন
 আন বীৰ নুহি কন্ত॥
যত চৰাচৰে, মোক নিতে নিতে
 আমিয়া কৰোক সেৱ।
এহি মানে বাঞ্চা, কৰো তযু আগে
 দেৱতাৰ আদি দেব॥
সপ্তদ্বীপা মহী, জিনি বাহুবলে
 এক ছত্ৰী মোক কৰি।