পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আগৰাতিৰ পাৰ্টিৰ বিৰক্তিভৰা সময়খিনি তথা আল্ট্ৰাছৰ কটাক্ষমিহলি কথাবোৰ মনলৈ নাহিল। তাৰ বিপৰীতে কাণত বাজি থাকিল পৃথিৱীক ভালপোৱাৰ অনুৰণনটো। শুই উঠিয়েই তাই খিৰিকীৰ পৰ্দাবোৰ কোঁচাই দিলে। ৰ’দালিৰ উম পাই সৰুটিও জাপ মাৰি তাইৰ পিঠিত উঠি ল’লে। তাই তাক পিঠিত লৈয়ে ডেও দি ডেও দি লনখনলৈ ওলাই আহিল। লনখনলৈ আহি দেখিলে, আল্ট্ৰাছে চিগাৰেট এটা জ্বলাই চকীখনত বহি ৰৈছে। মুখখন তেওঁৰ ম্লান। এই মোলান মুখখন দেখিলেও তাইৰ বুকু বিষায়। তাই আল্ট্ৰাছৰ ওচৰত গৈ তাৰ হাতৰ পৰা চিগাৰেটটো কাঢ়ি দূৰলৈ পেলাই দিয়ে। আল্ট্ৰছে কিবা ক’ম বুলি ভাবোঁতেই সৰুটিয়ে দেউতাকক জোকাবলৈ ধৰিলে,

 “মা জিকিলে। জিকিলে।”

 “এই দুষ্ট! চুপ।”, বুলি তাই ল’ৰাটোক পিঠিৰ পৰা নমাই ভিতৰলৈ দৌৰি যায়।

 তাইৰ উৎফুল্লিত মুখখন দেখি আচৰিত হয় আল্ট্ৰাছ। হাঁহি-ধেমালিবোৰ শেল হৈ বিন্ধে আল্ট্ৰাছক। নিৰ্জু পত্নী অলংকৃতা, যি আল্ট্ৰাছৰ মতৰ অবিহনে এখোজো লৰচৰ নকৰিছিল, সেই পত্নী ৰাতি একবজাত ক’ৰ পৰা আহিল, সেই কথা সোধাৰ অধিকাৰো নাইকিয়া হ’ল তেওঁৰ৷ পুৰুষত্বৰ অহংকাৰবোৰ শেল হৈ তেওঁকহে বিন্ধে। এই শেলে নিবিন্ধে তাইক। তাই এতিয়া নিজকে কঠিন বৰ্মৰে আৱৰিছে। তাইৰ ব্যক্তিত্বৰ সবলতাই অন্ততঃ তেনেদৰেই ভাঁজ লয়।

 সলনি হৈছে অলংকৃতা। সলনি হৈছে তাই। ভিতৰলৈ সোমাই যোৱা অলংকৃতাৰ অৱয়ৱটোলৈ চাই আল্ট্ৰাছে চিঞৰি চিঞৰি ক’ব খোজে, “অলংকৃতা তুমি বহুত সলনি হ’লা। তুমি আগৰ দৰে হৈ থকা নাই।”

 পৰ্দাৰ সিপাৰৰ পৰা যেন অলংকৃতাৰ মাত ভাঁহি আহে, “তেতিয়াও তুমি মোক চেৰাই আন নাৰীৰ কাষ পালাগৈ।”

 এজাক মৌমাখিয়ে আল্ট্ৰাছৰ কাণৰ ওচৰত ভুনভুনাই থাকে। বেচিন মিৰৰখনলৈ চাই চাই শ্বেভিং ক্ৰিমখিনি সানি লওঁতেই অলংকৃতাৰ গাড়ীখনৰ শব্দ শুনে তেওঁ। সেই শব্দতহে তেওঁ গম পালে যে, অফিচলৈ গ’ল তাই। যাওঁ বুলিও নকলে নেকি তেওঁক? আল্ট্ৰাছৰ অভিমান হ’ল। সম্পৰ্কটেো হাতৰ পৰা খহি পৰিল নেকি বুলি প্ৰশ্ন কৰিলে নিজকে।

 অলংকৃতাৰ ৰূমটোলৈ সোমাই আহিল তেওঁ। বিশৃংখল টেবুলত কিছুমান কিতাপ। দেৱালত দুখনমান ছবিৰ নাম, “বাৰাংগনাৰ জুপুৰি”।

 মানে?

 মানে?

 উত্তৰবিহীন প্ৰশ্নমবোৰ ঠাহ খাই আল্ট্ৰাছৰ বুকু ওফন্দে। অলংকৃতা বহুত দূৰলৈ গ’ল। খটখটকৈ দৌৰি বহুত দূৰলৈ যোৱা শব্দটো তেওঁৰ কাণত বাজি উঠিল।

 এৰা।

 দৌৰি দৌৰি তাই কোৰ্ট পালেগৈ। কেচ দুটামানৰ ফাইলত চহী কৰি অলংকৃতাই অতিৰিক্ত জজৰ চেম্বাৰ পালেগৈ। ডিভৰ্চ কেচ এটাৰ সমাধানত লাগিছিল তেখেত। অলংকৃতাক দেখি ফাইল জপাই থ’লে তেওঁ। বিৰক্তি লাগিছে তেওঁৰ। পৃথিৱীখনত ইমান কাম বাকী আছে। আৰু মানুহৰ মাজত সৰু সুৰা কথা লৈ কাজিয়া শেষ নোহোনা হৈছে।

 অসহ্য! অসহ্য!

 চচমাযোৰ খুলি কপালৰ ঘাম মচি লয় তেওঁ। নিজৰ ছোৱালীজনীলৈ মনত পৰিল তেওঁৰ। একমাত্ৰ ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ শেষৰ দিনা ঘৰলৈ ঘূৰি নাহিল। বৰঞ্চ তাই গ’ল তাইৰ লগৰ অনিৰ্বাণৰ ঘৰলৈ। যাওঁতে দেউতাকলৈ চিঠি এখন এৰি থৈ গ’ল। আত্মভিমানী দেউতাকেও জীয়েকক ত্যাজ্য পুত্ৰী ঘোষণা কৰিলে যদিও অহুকাণে পহুকাণে তাইৰ খবৰবোৰ লৈ থাকিল। তাই বিএ পাছ কৰিলে, অনিৰ্বাণেও বিএপাছ কৰি ওচৰৰে স্কুল এখনত পাৰ্ট টাইম জব কৰিলে। তাৰ পাছত কেৰিয়াৰ গ্ৰাফডাল দুয়োৰে বাবেই উৰ্ধমুখী। ছোৱালীয়ে এম এ কৰি কলেজৰ চাকৰি পালে, ল’ৰাই এচিএছ পালে। খবৰবোৰে দেউতাকক সুখী কৰিছিল। সৰুতে লোৱা ভুল সিদ্ধান্ত এটাৰ কাৰণে যে সিহঁতৰ জীৱন থমকি যোৱা নাই এই কথাটোত সুখৰ হাঁহি